11 মোচিয়ে মোক যাত্ৰাৰ বাবে পঠোৱা কালত মই যেনে বলৱান আছিলোঁ, এতিয়াও আছোঁ৷ যুদ্ধৰ অৰ্থে আৰু অহা-যোৱা কৰিবৰ বাবে তেতিয়া মোৰ যেনে শক্তি আছিল, এতিয়াও আছে।
যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।
কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
“মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’
তোমাৰ নগৰৰ ডাংবোৰ লোহা বা পিতলৰ হ’ব; যিমানদিন তোমাৰ আয়ুস থাকিব, সিমানদিন তোমাৰ শক্তি থাকিব।”
মৃত্যুৰ সময়ত মোচিৰ বয়স আছিল এশ বিশ বছৰ; তেতিয়াও তেওঁৰ চকু দুৰ্ব্বল হোৱা নাছিল, আৰু গাৰ শক্তিও কমি যোৱা নাছিল।
এতিয়া চাওঁক! যিহোৱাই এই পঞ্চল্লিশ বছৰ বয়সলৈকে মোক জীয়াই ৰাখিছে আৰু নিজ বাক্য কোৱাৰ দৰে - যি সময়ত ইস্ৰায়েলে মৰুভূমিত ভ্ৰমি ফুৰিছিল, সেই সময়তে যিহোৱাই মোচিক এই কথা কৈছিল৷ এতিয়া চাওঁক! আজি মোৰ বয়স পঁচাশী বছৰ হ’ল।