Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 10:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 পাছত যিহোচূৱাই আজ্ঞা কৰিলে, “বোলে, তোমালোকে সেই গুহাৰ মুখ মুকলি কৰি, তাত লুকাই থকা সেই পাঁচজন ৰজাক উলিয়াই মোৰ ওচৰলৈ লৈ আহাঁ।”

অধ্যায়টো চাওক কপি কৰক




যিহো 10:22
5 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত চমূৱেলে ক’লে, “অমালেকৰ ৰজা অগাগক মোৰ ওচৰলৈ আনা।” অগাগে আনন্দ মনেৰে তেওঁৰ ওচৰলৈ আহিল, আৰু ক’লে, “নিশ্চয় মৃত্যু যন্ত্ৰণা দূৰ হ’ল।”


তেতিয়া সকলো লোক মক্কেদাৰ চাউনিত থকা যিহোচূৱাৰ ওচৰলৈ শান্তিৰে উলটি আহিল আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনোৱে কাৰো বিৰুদ্ধে একো কবলৈ সাহস নকৰিলে।


পাছত তেওঁলোকে তেওঁ কোৱাৰ দৰেই কৰিলে৷ তেওঁলোকে এই পাঁচজন ৰজাক অর্থাৎ যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজাক সেই গুহাৰ পৰা উলিয়াই আনিলে আৰু তেওঁৰ ওচৰলৈ লৈ আহিল।


তেওঁলোকে অয়ৰ ৰজাক জীৱিত অৱস্থাতে বন্দী কৰিলে, আৰু যিহোচূৱাৰ ওচৰলৈ লৈ আহিল।


তেতিয়া যিহোচূৱাই ক’লে, “তোমালোকে সেই গুহাৰ মুখত কেতবোৰ ডাঙৰ শিল বগৰাই দি, তেওঁলোকক পহৰা দিবলৈ তাৰ ওচৰত মানুহ ৰাখাগৈ৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন