Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 9:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 আৰু চোৱা! শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই পুৰুষজন ঘূৰি আহিল। “তুমি মোক আজ্ঞা দিয়া অনুসাৰে মই সকলো কৰিলোঁ”, এই বুলি তেওঁ বাৰ্ত্তা দিলেহি।

অধ্যায়টো চাওক কপি কৰক




যিহি 9:11
9 পৰস্পৰ সংযোগসমূহ  

সপ্তম দূত জনে আকাশত নিজৰ বাটি বাকি দিলে; তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহা-বাণী ওলাল, ‘এইটো কৰা হ’ল৷’


তেতিয়া প্ৰথম জন দূতে গৈ পৃথিৱীত নিজৰ বাটি বাকি দিলে; তাতে সেই পশুৰ ছাব থকা আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা লোক সকলৰ গাত জঘন্য আৰু ক্লেশ-দায়ক বিষম ঘা হ’ল।


হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;


তেতিয়া চোৱা! উত্তৰ দিশৰ পৰা ওপৰ বাট-চৰাৰ বাটেদি নিজ নিজ হাতত হত্যাৰ অস্ত্ৰ লৈ ছয়জন লোক আহিল। তেওঁলোকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত লিখকৰ মৈলাম থকা এজন লোক আছিল। এইদৰে তেওঁলোক ভিতৰলৈ সোমাই পিতলৰ যজ্ঞবেদীৰ কাষত থিয় হ’ল।


গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।”


তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন