25 ভয় আহিব! তেওঁলোকে শান্তি বিচাৰিব, কিন্তু নাপাব!
ঈশ্বৰে কৈছে, “দুষ্টবোৰৰ তাত কোনো শান্তি নাই।”
শান্তি নোহোৱাকৈয়ে তেওঁলোকে ‘শান্তি!’ বুলি কৈ মোৰ প্ৰজাসকলক ভুলায় আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া তেওঁলোকে তাক চূণেৰে লিপে।
অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা আৰু শান্তি নথকাতো তাৰ বাবে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই!” ইয়াক প্ৰভু যিহোৱাই কৈছে।’
কাৰণ মাৰোৎ নিবাসী সকলে শুভ সম্বাদৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছিল, কিন্তু যিৰূচালেমৰ দুৱাৰলৈ, যিহোৱাৰ পৰা দুৰ্যোগ নামি আহিল।