Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 48:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 পবিত্ৰ উপহাৰ ভূমিৰ আৰু নগৰখনৰ অধিকৃত অংশৰ ইফালৰ সিফালৰ অৱশিষ্ট ভাগ অধিপতিজনৰ কাৰণে হ’ব; পূৱ সীমাৰ ফালে উপহাৰ ভূমিৰ পঁচিশ হাজাৰ হাতৰ সন্মুখৰ আৰু পশ্চিম দিশে পশ্চিম সীমাৰ ফাললৈ পঁচিশ হাজাৰ হাতৰ সন্মূখৰ অংশবোৰৰ কাষৰ ভাগ অধিপতিজনৰ কাৰণে হ’ব; আৰু পবিত্ৰ উপহাৰ ভূমি ও গৃহটিৰ ধৰ্মধাম তাৰ মাজ ঠাইত হ’ব।

অধ্যায়টো চাওক কপি কৰক




যিহি 48:21
8 পৰস্পৰ সংযোগসমূহ  

অধিপতিজনৰ অংশৰ মাজ ঠাইত থকা যি ভাগ লেবীয়াসকলৰ অধিকৃত অংশৰ আৰু নগৰ খনৰ অধিকৃত অংশৰ বাহিৰে যিহূদা আৰু বিন্যামীনৰ সীমাৰ মাজত হ’ব সেয়ে অধিপতিজনৰ হ’ব।


যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ হ’ব।


আৰু সেই পবিত্ৰ উপহাৰ ভূমি পুৰোহিতসকলৰ কাৰণে হ’ব। সেয়ে উত্তৰ ফালে পঁচিশ হাজাৰ হাত দীঘল, পশ্চিম ফালে দহ হাজাৰ হাত বহল, পূৱ ফালে দহ হাজাৰ হাত বহল, আৰু দক্ষিণ ফালে পঁচিশ হাজাৰ হাত দীঘল হ’ব; তাৰ মাজ ঠাইত যিহোৱাৰ ধৰ্মধাম থাকিব।


আৰু যিহূদাৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ, পঁচিশ হাজাৰ হাত বহল আৰু দীঘলে পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আন অংশবোৰৰ এক অংশ সমান তোমালোকে দিব লগা উপহাৰ ভূমি হ’ব; আৰু ধৰ্মধাম তাৰ মাজত হ’ব।


আৰু মোৰ দাস দায়ুদ তেওঁলোকৰ ওপৰত ৰজা হ’ব, আৰু তেওঁলোক সকলোৰে এজন ৰখীয়া হ’ব; তেওঁলোকে মোৰ শাসন-প্ৰণালী বোৰত চলিব, আৰু মোৰ বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।


গোটেই উপহাৰ ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হ’ব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন