20 গোটেই উপহাৰ ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হ’ব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা।
সেই নগৰ চাৰি-চুকীয়া, তাৰ দীঘে-পথালিয়ে সমান। পাছত তেওঁ নলেৰে নগৰ খনৰ জোখ লৈ পোন্ধৰ শ মাইল পালে; দীঘে-পথালিয়ে আৰু উচ্চতাত সমান।
কিয়নো আপোনালোকে জানে যে, এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ’বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো, অগ্ৰাহ্য হ’ল, কাৰণ তেওঁ মন-পালটন কৰিবলৈ ঠাই নাপালে।
আৰু ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ যি লোকসকলে নগৰখনত কাম কৰে, তেওঁলোকে তাক চহাব।
পবিত্ৰ উপহাৰ ভূমিৰ আৰু নগৰখনৰ অধিকৃত অংশৰ ইফালৰ সিফালৰ অৱশিষ্ট ভাগ অধিপতিজনৰ কাৰণে হ’ব; পূৱ সীমাৰ ফালে উপহাৰ ভূমিৰ পঁচিশ হাজাৰ হাতৰ সন্মুখৰ আৰু পশ্চিম দিশে পশ্চিম সীমাৰ ফাললৈ পঁচিশ হাজাৰ হাতৰ সন্মূখৰ অংশবোৰৰ কাষৰ ভাগ অধিপতিজনৰ কাৰণে হ’ব; আৰু পবিত্ৰ উপহাৰ ভূমি ও গৃহটিৰ ধৰ্মধাম তাৰ মাজ ঠাইত হ’ব।