11 ইস্ৰায়েলৰ সন্তান সকল বিপথে যোৱা সময়ত লেবীয়াসকলে বিপথে যোৱাৰ দৰে বিপথে নোযোৱা মোৰ ৰক্ষমীয় ৰক্ষা কৰা চাদোকৰ সন্তান সকলৰ মাজৰ পবিত্ৰীকৃত পুৰোহিতসকলৰ কাৰণে সেয়ে হ’ব।
ইয়াৰ অভিপ্ৰায় এই, যেন ইস্ৰায়েল-বংশই মোৰ পৰা বিপথে নাযায়; আৰু তেওঁলোকৰ অপৰাধবোৰৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰে, কিন্তু তেওঁলোক যেন মোৰ প্ৰজা হয় আৰু মই তেওঁলোকৰ ঈশ্বৰ হওঁ, ইয়াক প্ৰভু যিহোৱাই কৈছে।
আৰু উত্তৰ ফালে মুখ কৰা কোঁঠালিটো যজ্ঞ-বেদি ৰক্ষক পুৰোহিতসকলৰ কাৰণে; তেওঁলোক চাদোকৰ সন্তান; লেবীৰ সন্তান সকলৰ মাজৰ পৰা তেওঁলোকেই যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ তেওঁৰ গুৰিলৈ আহে।
মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ ওচৰত থকা চাদোক বংশৰ লেবীয়া পুৰোহিতসকলক তুমি পাপাৰ্থক বলিৰ কাৰণে এটা ডেকা ভতৰা দিবা।” এয়েই প্ৰভু যিহোৱাই দিয়া ঘোষণা
কিন্তু ইস্ৰায়েল বিপথে যোৱা সময়ত, যি লেবীয়াসকলে নিজ নিজ মুৰ্ত্তিৰ পাছত চলি মোৰ পৰা বিপথে গৈছিল, মোৰ পৰা আঁতৰ হোৱা সেই লেবীয়াসকলে নিজ নিজ অপৰাধৰ ভাৰ বব।
তেওঁলোকে প্ৰজাসকলৰ মুৰ্ত্তিবোৰৰ আগত তেওঁলোকৰ পৰিচৰ্যা কৰি ইস্ৰায়েল-বংশৰ অপৰাধজনক বিঘিনিস্বৰূপ হৈছিল; এই হেতুকে প্ৰভু যিহোৱাই কৈছে, মই তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ, যে, তেওঁলোকে নিজ নিজ অপৰাধৰ ভাৰ বব।
সেয়ে দেশৰ পবিত্ৰ অংশ; সেয়ে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ অহা ধৰ্মধামৰ পৰিচাৰক পুৰোহিতসকলৰ কাৰণে হ’ব; আৰু সেয়ে তেওঁলোকৰ ঘৰৰ কাৰণে ঠাই হ’ব, আৰু ধৰ্মধামৰ কাৰণে পবিত্ৰ স্থান হ’ব।
সেয়ে তেওঁলোকৰ পক্ষে, দেশৰ উপহাৰ ভূমিৰ পৰা লোৱা, লেবীয়াসকলৰ সীমাৰ কাষত এক অতি পবিত্ৰ উপহাৰ হ’ব।
এই হেতুকে তোমালোকে মৰা নপৰিবৰ বাবে, সাত দিনলৈকে দিনে ৰাতিয়ে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থাকি পাৰ্য্যমানে যিহোৱাৰ পালনীয়খিনি পালন কৰিবা, কিয়নো মই এনে আজ্ঞা পালোঁ।”
যেতিয়া প্ৰধান ৰক্ষক প্ৰকাশিত হব, তেতিয়া আপোনালোকে ঐশ্বৰ্যৰূপ অম্লান কিৰীটি পাব।
তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।