5 বিশটা কোঁঠালি হ’বলৈ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ গৃহটিৰ পৰিচাৰক লেবীয়াসকলৰ আধিপত্যৰ অৰ্থে হ’ব।
আৰু লেবীয়াসকলে পুৰোহিতসকলৰ সীমাৰ সন্মুখত দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে দহ হাজাৰ হাত এডোখৰ ভূমি পাব; তাৰ গোটেই দৈৰ্ঘ্য পঁচিশ হাজাৰ হাত আৰু প্ৰস্থ দহ হাজাৰ হাত।
গোটেই উপহাৰ ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হ’ব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা।
আৰু সেই পবিত্ৰ উপহাৰ ভূমি পুৰোহিতসকলৰ কাৰণে হ’ব। সেয়ে উত্তৰ ফালে পঁচিশ হাজাৰ হাত দীঘল, পশ্চিম ফালে দহ হাজাৰ হাত বহল, পূৱ ফালে দহ হাজাৰ হাত বহল, আৰু দক্ষিণ ফালে পঁচিশ হাজাৰ হাত দীঘল হ’ব; তাৰ মাজ ঠাইত যিহোৱাৰ ধৰ্মধাম থাকিব।
তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নিলে আৰু চোৱা, চোতালখনৰ কেউফালে সজা অনেক কোঁঠালি আৰু শিল পাৰি দিয়া এডোখৰ ঠাই আছিল; সেই ঠাইডোখৰত ত্ৰিশটা কোঁঠালি আছিল।
তোমালোকে সাতদিন সৰু পঁজাত বাস কৰিবা। ইস্ৰায়েল বংশত ওপজা সকলোৱে সাত দিন সৰু পঁজাত বাস কৰিব;
“তুমি ইস্ৰায়েলৰ সন্তান সকলক তেওঁলোকৰ স্বত্ব থকা আধিপত্যৰ পৰা কেইখনমান নগৰ, বাস কৰিবৰ কাৰণে লেবীয়াসকলক দিবলৈ আৰু সেই নগৰে সৈতে তাৰ চাৰিওফালে থকা চৰণী ঠাই তেওঁলোকক দিবলৈ আজ্ঞা দিয়া।