Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 45:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 আৰু প্ৰভু যিহোৱাই কৈছে, লোকসকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে ইস্ৰায়েলৰ পুষ্টিকৰ ঘাঁহনিত চৰা দুশ দুশ মেৰৰ ভিতৰত জাকৰ পৰা এটা এটা মেৰ দিব লাগিব।’

অধ্যায়টো চাওক কপি কৰক




যিহি 45:15
15 পৰস্পৰ সংযোগসমূহ  

আৰু তেলৰ, বৎ সম্পৰ্কীয় তেলৰ নিৰূপিত ভাগ এক কোৰৰ পৰা বতৰ দহ ভাগৰ এভাগ হ’ব; এক কোৰত দহ বৎ, অৰ্থাৎ এক হমৰ আছে; কিয়নো এক হোমৰত দহ বৎ থাকে।


আৰু পৰ্ব্বতবোৰত ন-জোনত, বিশ্ৰাম-দিনত ইস্ৰায়েল বংশৰ আটাই নিৰূপিত উৎসৱত হোম-বলি ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ’ব; ইস্ৰায়েল বংশক প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব।’


আৰু ভূল কৰা কোনো লোকৰ আৰু কোনো নিৰ্ব্বোধ মানুহৰ কাৰণেও মাহৰ সপ্তম দিনা তুমি সেই দৰে কৰিবা।


অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।


পাছত তেওঁ হোম-বলিৰ মূৰত হাত দিব; তেতিয়া সেই বলি তেওঁৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গ্ৰাহ্য হ’ব।


আৰু পবিত্ৰ স্থানত প্ৰায়শ্চিত্ত কৰিবৰ বাবে যি পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ’ব, সেই বলিৰ অলপো ভোজন কৰা নহব; তাক জুইত পুৰি পেলোৱা হ’ব।


“যি ছলনাকাৰীয়ে নিজৰ মেৰ-ছাগৰ জাকৰ মাজত মতা মেৰ-ছাগ থাকিলেও প্ৰভুৰ উদ্দেশ্যে সঙ্কল্প কৰি এজনী ঘুণীয়া মাইকী পশুৰ বলি উৎসৰ্গ কৰে, তেওঁ শাপগ্ৰস্ত হওঁক; কিয়নো মই মহান ৰজা; সকলো জাতিৰ মাজত মোৰ নাম ভয়াবহ।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।


তোমালোকে বলিদানৰ অৰ্থে যেতিয়া অন্ধ পশু উৎসৰ্গ কৰা, সেয়া জানো দুষ্টতা নহয়? তোমালোকে যেতিয়া খোৰা আৰু ৰোগীয়া পশু উৎসৰ্গ কৰা সেয়াও জানো দুষ্টতা নহয়? তোমালোকৰ দেশাধিপতিৰ আগত তাক উপহাৰ স্বৰূপে দি চোৱাচোন; তেওঁ গ্রাহ্য কৰিবনে বা তোমালোকৰ প্রতি প্ৰসন্ন হ’বনে? ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে।


কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰে সৈতে মিলন হ’লোঁ, তেনেহলে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম;


তেওঁলোকৰ মাজত থকা শত্রুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষক এক দেহত ঈশ্বৰে সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে।


আপোনালোকেও পূৰ্বতে ঈশ্বৰৰ পৰা অসম্পৰ্কীয় আৰু দুষ্কৰ্মত থাকি মনেৰে শত্ৰু হোৱা লোক আছিল৷


সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বস্ত মহা-পুৰোহিত হব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন