2 পাছত যিহোৱাই মোক ক’লে, “এই বাট-চৰাটো বন্ধ থাকিব, মেলা নাযাব আৰু এইপিনে কোনো লোক নোসোমাব; কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইফালেই প্ৰৱেশ কৰিলে; এই হেতুকে ই বন্ধ থাকিব।
তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল।
পাছত সেই মানুহে বাট-চৰাটোলৈ, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ মোক নিলে।
প্ৰভু যিহোৱাই এই কথা কৈছে: ‘পূৱফালে মুখ কৰা ভিতৰ চোতালখনৰ বাট-চৰাটো কাম কৰা ছয় দিন বন্ধ থাকিব; কিন্তু বিশ্ৰাম দিনত আৰু ন-জোনৰ দিনা খোলা হ’ব।