Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 44:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 যেতিয়া তেওঁলোকে বাহিৰ চোতালখনলৈ, তেওঁলোকৰ গুৰিলৈ বাহিৰ চোতালখনলৈকে ওলাই যাব, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ সোলোকাই পবিত্ৰ কোঁঠালিবোৰত থব আৰু তেওঁলোকৰ বস্ত্ৰেৰে তেওঁলোকক পবিত্ৰ নকৰিবৰ কাৰণে আন বস্ত্ৰ পিন্ধিব।

অধ্যায়টো চাওক কপি কৰক




যিহি 44:19
13 পৰস্পৰ সংযোগসমূহ  

তুমি সাত দিন ধৰি প্ৰায়শ্চিত্ত কৰি বেদীক পবিত্ৰ কৰিবা। তাৰ পাছত সেই বেদী অতি পবিত্ৰ হ’ব। বেদীৰ সংস্পৰ্শত যি কোনোৱে আহিব, তেৱোঁ পবিত্ৰ হৈ যাব।


সেই সকলোকে অভিষেক কৰি পবিত্ৰ কৰিবা; তাতে সেই সকলো বস্তু মোৰ বাবে পবিত্ৰ আৰু সংৰক্ষিত হ’ব। সেইবোৰৰ সংস্পৰ্শত যি লোক আহিব, তেৱোঁ পবিত্ৰ হ’ব।


তেতিয়া তেওঁ মোক ক’লে, পুৰোহিতসকলে লোকসকলক পবিত্ৰ কৰিবলৈ দোষাৰ্থক বলি, পাপাৰ্থক বলি আৰু ভক্ষ্য নৈবেদ্য বাহিৰ চোতালখনলৈ নিনিবৰ কাৰণে, সেই পাপাৰ্থক ও দোষাৰ্থক বলি সিজোৱা আৰু ভক্ষ্য নৈবেদ্য তাও দিয়া ঠাই এয়ে।”


তেতিয়া হাৰোণে সাক্ষাৎ কৰা তম্বুত সোমাব আৰু পবিত্ৰ স্থানত সোমোৱা সময়ত যি শণৰ বস্ত্ৰবোৰ পিন্ধে তাক সোলোকাই সেই ঠাইতে থ’ব।


তেওঁ শণ সুতাৰ পবিত্ৰ বস্ত্ৰখন গাত লব, শণৰ জাঙিয়াটো পিন্ধিব, শণৰ টঙালি গছ কঁকালত বান্ধিব আৰু পাগটো পিন্ধিব। এইবোৰ পবিত্ৰ বস্ত্ৰ; তেওঁ পানীত গা ধুই, এইবোৰ পিন্ধিব।


যিকোনোৱে তাৰ মাংস স্পৰ্শ কৰিব, তেওঁ পবিত্ৰ হ’ব; আৰু যদি তাৰ তেজৰ কিছু কোনো বস্ত্ৰত ছিতা লাগে, তেন্তে তুমি সেই তেজ লগা বস্ত্ৰ কোনো পবিত্ৰ ঠাইত ধুবা।


বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয়,


সেইবোৰৰ এটা কৰ্ম কৰি যদি পাপ কৰে আৰু দোষী হয়, তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁৰ হাতত গটাই দিয়া হ’ল বা হেৰুৱা বস্তু পাই ৰাখিলে, তাক পুনৰ ঘূৰাই দিব লাগিব।


কোনোৱে যদি নিজৰ বস্ত্রত পবিত্ৰ মাংস বান্ধি লৈ যায়, আৰু যদি পিঠা, সিজোৱা দাইল, দ্ৰাক্ষাৰস, তেল, বা আন কোনো খোৱা বস্তু তেওঁৰ সেই বান্ধি লৈ যোৱা বস্ত্রত লাগে, তেনেহ’লে সেই খোৱা বস্তুবোৰ পবিত্ৰ হ’ব নে’?”” পুৰোহিত সকলে উত্তৰ দি ক’লে, “নহ’ব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন