Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 44:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 তেওঁলোকে প্ৰজাসকলৰ মুৰ্ত্তিবোৰৰ আগত তেওঁলোকৰ পৰিচৰ্যা কৰি ইস্ৰায়েল-বংশৰ অপৰাধজনক বিঘিনিস্বৰূপ হৈছিল; এই হেতুকে প্ৰভু যিহোৱাই কৈছে, মই তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ, যে, তেওঁলোকে নিজ নিজ অপৰাধৰ ভাৰ বব।

অধ্যায়টো চাওক কপি কৰক




যিহি 44:12
19 পৰস্পৰ সংযোগসমূহ  

তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে, “মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম;


নেতৃত দিয়া লোকসকলে তেওঁলোকক বিপথে নিয়ে, আৰু তেওঁলোকৰ দ্বাৰাই চালিত হোৱা লোকসকল বিনষ্ট হ’ব।


ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ।


ইয়াৰ উপৰিও, জাতিবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ।


কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।


সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ!


কিন্তু ইস্ৰায়েল বিপথে যোৱা সময়ত, যি লেবীয়াসকলে নিজ নিজ মুৰ্ত্তিৰ পাছত চলি মোৰ পৰা বিপথে গৈছিল, মোৰ পৰা আঁতৰ হোৱা সেই লেবীয়াসকলে নিজ নিজ অপৰাধৰ ভাৰ বব।


আৰু তেওঁলোকে মোৰ ওচৰত পুৰোহিত কৰ্ম কৰিবলৈ নাহিব, মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰ নাচাপিব, কিন্তু তেওঁলোকৰ লাজৰ আৰু তেওঁলোকে কৰা ঘিণলগীয়া কাৰ্যৰ ভাৰ বব।


ইস্ৰায়েলৰ সন্তান সকল বিপথে যোৱা সময়ত লেবীয়াসকলে বিপথে যোৱাৰ দৰে বিপথে নোযোৱা মোৰ ৰক্ষমীয় ৰক্ষা কৰা চাদোকৰ সন্তান সকলৰ মাজৰ পবিত্ৰীকৃত পুৰোহিতসকলৰ কাৰণে সেয়ে হ’ব।


জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।


এই হেতুকে, যেনেকৈ লোকসকল, তেনেকৈ পুৰোহিতসকলৰো হ’ব; দুয়োকো তেওঁলোকৰ দুষ্ট পথৰ বাবে মই শাস্তি দিম। মই তেওঁলোকৰ কাৰ্যবোৰৰ বাবে তেওঁলোকক প্ৰতিফল দিম।


হে পুৰোহিতসকল, এই কথা শুনা! হে ইস্ৰায়েলীয়া-বংশ, মনোযোগ দিয়া! হে ৰাজবংশৰ লোকসকল, শুনা! কিয়নো তোমালোক সকলোৰে বিৰুদ্ধে বিচাৰ কৰা হৈছে। কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ, আৰু তাবোৰত মেলি দিয়া এক জালস্বৰূপ হৈছা।


যাকোবৰ গৌৰৱৰ নামেৰে যিহোৱাই শপত খাই কৈছে, “মই নিশ্চয়ে তেওঁলোকে যি কাৰ্যবোৰ কৰিছে, তাৰ এটিকো কেতিয়াও নাপাহৰিম।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন