5 তেতিয়া তেওঁ গৃহটিৰ দেৱাল জুখি ছহাত পালে আৰু চাৰিওফালে গৃহ মেৰাই থকা কিনাৰৰ কোঁঠালিবোৰৰ প্ৰত্যেক কোঁঠালিৰ প্ৰস্থ জুখি চাৰি হাত পালে।
তাত কিনাৰৰ কোঁঠালিবোৰৰ দুৱাৰ বাকী শূন্য ঠাইডোখৰৰ ফাললৈ আছিল; এখন উত্তৰ ফালে আৰু আনখন দক্ষিণফালে আছিল; আৰু বাকী শূন্য ঠাইডোখৰৰ প্ৰস্থ কেউফালে পাঁচ হাত।
বাৰাণ্ডাৰ দুই কাষে, ইফালে সিফালে চিলিঙি দিয়া খিড়িকি আৰু খাজুৰ গছৰ আকৃতি আছিল; গৃহৰ কিনাৰৰ কোঁঠালিবোৰ আৰু ডাঠ কাঠৰ চতিকেইটা এই প্ৰকাৰ আছিল।