21 তাৰ প্ৰহৰী-কোঁঠালি ইফালে তিনিটা সিফালে তিনিটা আছিল আৰু তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলনিবোৰ প্ৰথম বাট-চৰাটোৰ পৰিমান মতেই; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।
পাছত তেওঁ মোক দক্ষিণ ফাললৈ নিলে আৰু চোৱা, দক্ষিণফালে মুখ কৰা এটা বাট-চৰা আছিল আৰু তেওঁ তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ তাৰ খিলনিবোৰ জুখি সেই পৰিমানতেই পালে।
তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকি আছিল; বাট-চৰাটো পঞ্চাশ হাত দীঘল আৰু পঁচিশ হাত বহল।
তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল আৰু ইফালে সিফালে তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।