13 যিহোৱাই পুনৰ ক’লে, “যি জাতিবোৰৰ মাজলৈ মই এই ইস্ৰায়েল সন্তান সকলক খেদিম, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।”
কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।
সেইবাবে যিহোৱাই এই কথা কৈছে: ‘তোমাৰ ভার্যা নগৰখনৰ মাজত বেশ্যা হ’ব, তোমাৰ ল’ৰা-ছোৱালী তৰোৱালৰ দ্বাৰাই পতিত হ’ব, তোমাৰ মাটি জুখি জুখি আনৰ মাজত ভগাই দিয়া হ’ব; তুমি নিজেও এক অশুচি দেশত মৰিবা, ইস্ৰায়েলক নিজ দেশৰ পৰা দেশান্তৰিত হ’ব’।”