Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 39:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 ‘আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠিয়াম; তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব।

অধ্যায়টো চাওক কপি কৰক




যিহি 39:6
21 পৰস্পৰ সংযোগসমূহ  

তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।


মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”


চীদোনৰ সকলো ৰজাক, সমুদ্ৰৰ সিপাৰে থকা দ্বীপৰ সকলো ৰজাক,


তেতিয়া মই মিচৰত জুই লগাম। চীনে যাতনাত ধৰফৰাব, আৰু নো নগৰক ভঙা হ’ব। আৰু প্রতিদিনে শত্ৰূৱে নোফক আক্ৰমণ কৰিব!


যেতিয়া মই মিচৰত জুই লগাম, আৰু ইয়াৰ আটাই সাহায্যকাৰীসকল নষ্ট হ’ব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!


সেইদিনা নিশ্চিন্তে থকা কুচীয়াসকলক ভয় লগাবলৈ দূতবোৰে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু সেইদিনা মিচৰত হোৱাৰ নিচিনাকৈ তেওঁলোকৰ মাজত যাতনা হ’ব। কিয়নো চোৱা! সেয়ে আহিছে!


আৰু মই তোমালোকৰ ওপৰত সিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম; তাতে তোমালোক জীৱা, আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা’।”


আৰু তুমি ক’বা, ‘লুট কৰিবলৈ আৰু বস্তু কাঢ়ি আনিবলৈ, বৰ্ত্তমানে বাস কৰা; আৰু উচ্ছন্ন ঠাইবোৰৰ অহিতে আৰু জাতিবোৰৰ মাজৰ পৰা গোটোৱা গৰু, ছাগলী, আদি বস্তু অৰ্জ্জা, পৃথিৱীৰ মাজ ঠাইত বাস কৰা জাতিৰ অহিতে মোৰ হাত চলাবলৈ,


চিবা, দদান, তৰ্চীচৰ বণিকসকল আৰু তাৰ আটাই ডেকা সিংহবোৰে তোমাক ক’ব, ‘আপুনি লুট কৰিবলৈ জানো অহা নাই? বস্তু কাঢ়ি নিবলৈ, সোণ আৰু ৰূপ লৈ যাবলৈ, গৰু, মেৰ-ছাগ আদি অধিক লুটদ্ৰব্য লৈ যাবলৈ আপুনি জানো আপোনাৰ দলসমূহক গোটোৱা নাই?’


“হে মনুষ্য সন্তান, মাগোগদেশীয়, ৰোচ, মেচেক আৰু তুবলৰ অধিপতি গোগৰ ফাললৈ মুখ কৰা; তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা!


গোমৰ আৰু তাৰ আটাই দলসমূহ, উত্তৰৰ অন্ত ভাগত থকা তোগৰ্মাৰ বংশ আৰু তাৰ আটাই দলসমূহ আদি কৰি অনেক অনেক জাতি তোমাৰে সৈতে আছে।


প্ৰভু যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ।


সেইবাবে মই তূৰৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।”


সেইবাবে মই হজায়েলৰ ৰাজপ্রাসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে বিন-হদদৰ দুর্গবোৰ গ্ৰাস কৰিব।


সেইবাবে মই গাজাৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।


তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধক কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধৰ সন্মুখত কোনে থিয় হ’ব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।


যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেবীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।


তেতিয়া সি ওলাই আহি, পৃথিৱীৰ চাৰি চুকত থকা গোগ আৰু মাগোগ জাতি সকলক ভুলাই, সৈন্যৰ দল যোগাৰ কৰি, ৰণলৈ গোট খুৱাব। তেওঁলোকৰ সংখ্যা সাগৰৰ বালিৰ সমান হব৷


সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ, পবিত্ৰ লোক সকলৰ ছাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে; কিন্তু স্বৰ্গৰ পৰা জুই পৰি, সিহঁতক গ্ৰাস কৰিলে।


তাৰ পাছত সেই পাঁচজন লোকে প্রস্থান কৰি লয়িচ পাই দেখিলে যে, তাত থকা লোকসকল চীজোনীয়া লোকসকলৰ নিচিনাকৈ শান্তভাৱে আৰু নিশ্চিন্ত হৈ নিৰ্ভয়ে বাস কৰি আছে; কিয়নো সেই দেশত তেওঁলোকক কোনো কথাত হানি কৰিব পৰা ক্ষমতা থকা কোনো মানুহ নাছিল আৰু চীদোনীয়াহঁতৰ পৰা সিহঁত দূৰত আছিল আৰু আন কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন