4 তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবোৰে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তু তোমাক দিম।
বাহিনীসকলৰ যিহোৱাই শপত কৰি কৈছে, “নিশ্চয়ে, মই সঙ্কল্প কৰাৰ দৰে, এইটো মোলৈ ঘটিব; আৰু মই অভিপ্রায় কৰাৰ দৰে সেয়ে হ’ব;
মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।
সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।
মই তোমাক আৰু তোমাৰ নৈবোৰৰ আটাই মাছবোৰক মৰুপ্রান্তলৈ পেলাই দিম। তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব; মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ’বলৈ দিম!
তুমি তেওঁলোকক এই কথা ক’বা, “প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ জীৱনৰ শপত, ধ্বংসস্থান-বোৰত বাস কৰা লোকসকল অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মুকলি পথাৰত থকাটোক খাবৰ কাৰণে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ আৰু গুহাত থকাবোৰ মহামাৰীত মৰিব।
আৰু মই তাৰ হত হোৱা লোকেৰে সৈতে তাৰ পৰ্ব্বতবোৰ পূৰ কৰিম। তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকল পতিত হ’ব।
আৰু প্ৰভু যিহোৱাই কৈছে, মোৰ সকলো পৰ্ব্বতত মই তাৰ অহিতে তৰোৱাল মাতিম; প্ৰত্যেক মানুহৰ তৰোৱাল নিজ নিজ ভাইৰ বিৰুদ্ধে হ’ব।
প্ৰভু যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ।
আক্ৰমণকাৰী অশ্বাৰোহী, চিকমিকোৱা তৰোৱাল, জিলিকা বৰছা, হত হোৱা লোক সমূহ আৰু দ’ম হৈ থকা বৃহৎ মৃত-দেহবোৰ; মৰা শৱবোৰৰ সীমা নাই, তেওঁলোকৰ শৱৰ ওপৰত তেওঁলোকৰ আক্ৰমাণকাৰীসকলে উজুটি খায়।