Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 39:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 আৰু দেশ শুচি কৰিবৰ কাৰণে ইস্ৰায়েল বংশই সাত মাহলৈকে তেওঁলোকক পুতি থাকিব।

অধ্যায়টো চাওক কপি কৰক




যিহি 39:12
7 পৰস্পৰ সংযোগসমূহ  

কিন্তু তেওঁৰ মৃতদেহটো ৰাতি গছডালৰ ওপৰতে ৰাখি নথব; বৰং একেদিনাই দেহটো পুতি পেলাব। কিয়নো যি জনৰ শৱ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। সেই কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিবলৈ গৈছে, আপোনালোকে সেই দেশ অশুচি নকৰিব।


তেতিয়া লোকসকলে কামত লাগি থাকিব পৰা মানুহক বাচি ল’ব; তেওঁলোকে দেশ ভ্ৰমণ কৰি কৰি দেশ শুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টসকলক বাটৰুৱাৰ সহায়ত পুতি থ’ব; সাত মাহৰ মুৰত তেওঁলোকে বিচাৰি ফুৰিব।


আৰু হামোনা [লোক সমূহ] বুলি এখন নগৰৰ নামো হ’ব। এইদৰে তেওঁলোকে দেশ শুচি কৰিব।


আৰু যি কোনো লোকে মুকলি ঠাইত তৰোৱালত হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা নৰা মানুহৰ হাড়, বা মৈদাম চুব- তেওঁ সাত দিন অশুচি হৈ থাকিব।


তেতিয়া আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাসকলৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁলোকে গোগ আৰু তাৰ আটাই লোক সমূহক পুতিব; আৰু তেওঁলোকে তাৰ নাম হামোন-গোগৰ [গোগৰ লোক সমূহৰ] উপত্যকা থ’ব।


যি কোনো লোকে যেতিয়া মৰা মানুহৰ শৱ চুব, তেওঁ সাত দিন অশুচি হৈ থাকিব।


যেতিয়া কোনো এজন লোকৰ তম্বুৰ ভিতৰত মৃত্যু হ’ব তেতিয়া এনে নিয়ম হ’ব- সেই তম্বুৰ ভিতৰত সোমোৱা সকলো লোক আৰু তম্বুৰ ভিতৰত থকা সকলো মানুহ সাত দিন অশুচি হৈ থাকিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন