Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 37:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 তেতিয়া তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই ইফ্ৰয়িমৰ হাতত থকা, যোচেফৰ কাঠডাল, আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ ফৈদবোৰক লৈ, যিহূদাৰ কাঠডালৰ লগতে লগ লগাই এডাল কৰিম, আৰু তেওঁলোক মোৰ হাতত এডাল হ’ব!’

অধ্যায়টো চাওক কপি কৰক




যিহি 37:19
8 পৰস্পৰ সংযোগসমূহ  

সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্বপুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।


‘আৰু এইবোৰৰ দ্বাৰাই তুমি কি বুজাইছা, তাক তুমি আমাক নজনাবানে?’ এইবুলি তোমাৰ জাতিৰ সন্তানসকলে যেতিয়া তোমাক সুধিব,


তেতিয়া তুমি লিখা কাঠ দুডাল তেওঁলোকৰ আগত তোমাৰ হাতত থাকিব।


“মই যিহূদা বংশক সবল কৰিম আৰু যোচেফৰ বংশক উদ্ধাৰ কৰিম; কিয়নো তেওঁলোকক মই পুনৰায় পূৰ্ব অৱস্থালৈ আনিম কাৰণ তেওঁলোকৰ ওপৰত মোৰ দয়া আছে। তেওঁলোক যেন মোৰ দ্বাৰাই পৰিত্যক্ত হোৱা নাছিল, এনেকুৱা তেওঁলোক হ’ব; কাৰণ মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু মই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম।


এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন