10 তেতিয়া তেওঁ মোক আজ্ঞা দিয়াৰ দৰ, মই ভাববাণী প্ৰচাৰ কৰিলোঁ; তেতিয়া সিহঁতৰ ভিতৰত প্ৰাণ-বায়ু সোমালত সিহঁত জীলে! আৰু তেতিয়া অতিশয় মহাবাহিনী হৈ নিজ নিজ ভৰিত ভৰ দি থিয় হ’ল।
তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা।
আৰু সেইবোৰৰ পৰা স্তুতি-গীত আৰু আমোদকাৰীসকলৰ ধ্বনি উঠিব, মই তেওঁলোকক বৃদ্ধি কৰিম, তেতিয়া তেওঁলোক কম নহ’ব; মই তেওঁলোকক গৌৰৱযুক্তও কৰিম, তাতে তেওঁলোক সামান্য নহ’ব।
সৰগৰ বাহিনীসকলক যেনেকৈ গণিব নোৱাৰি, আৰু সমুদ্ৰৰ বালি যেনেকৈ জুখিব নোৱাৰি, সেইদৰে মই মোৰ দাস দায়ূদৰ বংশৰ আৰু মোৰ পৰিচৰ্যা কৰোঁতা লেবীয়াসকলক বৃদ্ধি কৰিম।”
গতিকে মই আজ্ঞামতে কাম কৰিলোঁ; মই দিনতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ মোৰ সামগ্ৰী উলিয়াই নিলোঁ আৰু গধূলি মোৰ হাতেৰেই দেৱালখন খানিলোঁ; মই আন্ধাৰত তাক উলিয়াই তেওঁলোকৰ চকুৰ আগত কান্ধত তুলি লৈ গ’লো।
প্ৰভু যিহোৱাই এই হাড়বোৰক এই কথা কৈছে: “চোৱা! মই তোমালোকৰ ভিতৰত নিশ্বাস সুমুৱাম; তাতে তোমালোক জীৱা।
চাৰে তিনি দিনৰ পাছত তেওঁলোকত ঈশ্বৰৰ পৰা জীৱ আত্মা সোমোৱাত, তেওঁলোক আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তেওঁলোকে নিজ নিজ ভৰিৰে থিয় হ’ল; তাতে যি সকলে তেওঁলোকক চাই আছিল, তেওঁলোকৰ অতিশয় ভয় লাগিল।