Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 36:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁলোকৰ আধিপত্য হ’বা, আৰু তুমি তেওঁলোকক পুনৰায় সন্তানহীন নকৰিবা।

অধ্যায়টো চাওক কপি কৰক




যিহি 36:12
12 পৰস্পৰ সংযোগসমূহ  

মই যাকোবৰ বংশৰ পৰা, আৰু যিহূদাৰ পৰা মোৰ পৰ্ব্বতবোৰৰ এক অধিকাৰী উৎপন্ন কৰিম; আৰু মোৰ মনোনীত লোকসকলে তাত অধিকাৰ কৰিব, আৰু মোৰ দাসবোৰে তাত বসতি কৰিব।


মই তেওঁলোকক দেশৰ দুৱাৰবোৰত কুলাৰে জাৰিলোঁ। তেওঁলোকক সন্তানহীন কৰিলোঁ। মোৰ জাতিক বিনষ্ট কৰিলোঁ; তেওঁলোক নিজৰ পথৰ পৰা নুলটিল।


কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”


তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহী দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।


ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।


অন্যায় লাভ কৰিবৰ কাৰণে ৰক্তপাত কৰিবলৈ আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যসকল চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ।


তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।


মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম; আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰ তেওঁলোকৰ চৰণীয়া ঠাই হ’ব। তেওঁলোকে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব।


প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি মনুষ্য গ্ৰাসকাৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীন-কাৰিণী” বুলি তেওঁলোকে তোমালোকক কয়;


আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে ল’বা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হ’ব।


এইদৰে, তেওঁলোকে যি দেশ চাবলৈ গৈছিল, ইস্ৰায়েলৰ সন্তান সকলৰ আগত সেই দেশ দুৰ্যশ কৰি ক’লে, “আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ; সেই দেশ নিজৰ নিবাসীসকলক গ্ৰাস কৰোঁতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, তেওঁলোক অতি ওখ ওখ লোক।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন