Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 35:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 ইস্ৰায়েল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’!”

অধ্যায়টো চাওক কপি কৰক




যিহি 35:15
16 পৰস্পৰ সংযোগসমূহ  

হে উচ দেশীয় ইদোম নিবাসিনী জীয়ৰী সকল উল্লাস কৰা আৰু আনন্দিত হোৱা, কাৰণ পান-পাত্ৰটি পাৰ হৈ তোমাৰ ওচৰলৈকো যাব। তাতে তুমি মতলীয়া হৈ নিজকে বিবস্ত্ৰ কৰিবা।


যিহোৱাৰ দিন দেশবাসী সকলৰ বাবে ওচৰ চাপিছে। তুমি কৰাৰ দৰেই, তোমালৈ কৰা হ’ব, আৰু তুমি কৰা কাৰ্যৰ প্রতিফল তোমাৰ মূৰত পৰিব।


কিন্তু তোমাৰ ভায়েৰাৰ বিপদৰ সময়ত তুমি নাহাঁহিবা। যিহূদাৰ লোকসকলৰ বিনাশৰ দিনত তেওঁলোকৰ ওপৰত আনন্দ নকৰিবা; আৰু তেওঁলোকৰ যন্ত্রনাৰ দিনত গৰ্ব্ব নকৰিবা।


হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা। তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”


আৰু যিৰূচালেম, ইদোমৰ যৰ্দ্দনৰ সিপাৰৰ পৰা, তুৰ আৰু চীদোনৰ চাৰিওফালৰ পৰা মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল।


মই তোমাক চিৰকলীয়া ধ্বংসস্থানত পৰিণত কৰিম। তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব, কিন্তু মই যে যিহোৱা, তাক তোমালোকে জানিবা।


হে মোৰ লোকসকলৰ আধিপত্য অপহৰণ কৰোঁতাবিলাক, তহঁতে আনন্দ কৰিছ, উল্লাস কৰিছ, শস্য মাৰোঁতা এজনী চেঁউৰী গৰুৰ নিচিনাকৈ দেও দিছ, আৰু বলী ঘোঁৰাৰ নিচিনাকৈ ঢেকঢেকাইছ।


দৰিদ্ৰক পৰিহাস কৰা জনে তেওঁৰ স্ৰজনকৰ্ত্তাকে অপমান কৰে; আৰু যি জনে দুৰ্ভাগ্যত আনন্দ কৰে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকিব।


ইদোম, তাইৰ ৰজাসকল, আৰু তাইৰ আটাই প্ৰধান লোক তাত আছে; তেওঁলোক পৰাক্ৰমী হ’লেও, তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে তেওঁলোকক ৰখা হৈছে; তেওঁলোক অচুন্নৎসকলৰ সৈতে, গাতলৈ নামি যোৱাসকলৰ লগত শুব।


এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ আগত ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘হে ইস্রায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে যিহোৱাৰ বাক্য শুনা!


ওবদিয়াৰ দৰ্শন। প্ৰভু যিহোৱাই ইদোমৰ বিষয়ে চিন্তা কৰি ক’লে: আমি যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু দেশীবাসীৰ মাজলৈ এজন ৰাজদূত পঠালোঁ। তেওঁ কৈছিল, “উঠা, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোক উঠা।”


কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন