যিহি 34:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20198 প্ৰভু যিহোৱাৰ এইটোৱেই ঘোষণা, “মোৰ জীৱনৰ শপত,” কিয়নো মেৰ-ছাগ ৰখীয়াবোৰে মোৰ মেৰ-ছাগবোৰ নিবিচৰাত আৰু মোৰ মেৰ-ছাগবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰি থকাত, ৰখীয়াসকল নোহোৱা হ’ল, ফলত মোৰ মেৰ-ছাগবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। অধ্যায়টো চাওক |
“প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! মই মেৰ-ছাগ ৰখীয়াবোৰৰ বিপক্ষ, মই তেওঁলোকৰ হাতৰ পৰা মোৰ মেৰ-ছাগবোৰ আদায় কৰিম। আৰু তেওঁলোকক মেৰ-ছাগ ৰখীয়া বাবৰ পৰা বৰ্খাস্ত কৰিম; মেৰ-ছাগ ৰখীয়াসকলে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ মেৰ-ছাগবোৰ তেওঁলোকলৈ আহাৰ নহ’বৰ কাৰণে মই তেওঁলোকৰ মুখৰ পৰা মেৰ-ছাগবোৰক উদ্ধাৰ কৰিম।”