Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 34:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 আৰু প্ৰভু যিহোৱাই কৈছে, কাৰণ তোমালোক মোৰ মেৰ-ছাগ, মোৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ, আৰু মোৰ প্রজা হোৱা! মই তোমালোকৰ ঈশ্বৰ হ’ম!” এয়েই প্রভু যিহোৱাৰ ঘোষণা’।”

অধ্যায়টো চাওক কপি কৰক




যিহি 34:31
16 পৰস্পৰ সংযোগসমূহ  

তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ; তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই; আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ।


তাৰ পাছত তেওঁ নিজৰ লোকসকলক মেৰ-ছাগৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক চলালে।


হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক মেৰ-ছাগৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!


কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা; তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ মেৰ-ছাগৰ নিচিনা। “আজি যদি তোমালোকে তেওঁৰ মাত শুনিলেহেঁতেন!”


তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।


“যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ মেৰ-ছাগবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।


পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,


পবিত্ৰ মেৰ-ছাগৰ জাকৰ, যিৰূচালেমৰ নিৰূপিত উৎসৱৰ মেৰ-ছাগৰ জাকৰেই দৰেই ধ্বংস নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’।”


আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, আপোনাৰ লাখুটিৰে চৰাওক; যদিও তেওঁলোক কর্মিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই, বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।


হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।


ময়েই সজ মেষৰখীয়া; সজ মেৰৰখীয়াই তেওঁৰ মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।


মোৰ এনে অনেক মেৰ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।


আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন