19 কিন্তু এতিয়া মোৰ মেৰ-ছাগবোৰৰ ৰখীয়াৰ দ্বাৰাই চালিত, মোৰ মেৰ-ছাগবোৰে হ’লে, তোমালোকে তোমালোকৰ ভৰিৰে গচকা ঘাঁহহে খাবলৈ পায়, আৰু তোমালোকৰ ভৰিৰে ঘোলা কৰা পানীহে পান কৰিবলৈ পায়।”
ঘোলা পানীৰ নিজৰা, বা নষ্ট হৈ যোৱা ভুমুক যেনে, দুষ্ট লোকৰ সন্মুখত ভাল মানুহো থৰক-বৰক হোৱাও তেনে।
যেতিয়া মই তোমালোকক জাতিবোৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণস্বৰূপে গ্ৰহণ কৰিম আৰু মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম।
এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহখিনি তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা?
এই হেতুকে প্ৰভু যিহোৱাই তেওঁলোকক এই দৰে কৈছে: “চোৱা! মই, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ মেৰ-ছাগবোৰৰ মাজত বিচাৰ কৰিম,