Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 34:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম; আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰ তেওঁলোকৰ চৰণীয়া ঠাই হ’ব। তেওঁলোকে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব।

অধ্যায়টো চাওক কপি কৰক




যিহি 34:14
21 পৰস্পৰ সংযোগসমূহ  

যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা; দেশত বাস কৰা আৰু নিৰাপদে থাকা।


বাহিনীসকলৰ যিহোৱাই এই পৰ্ব্বতত সকলো জাতিৰ বাবে চৰ্বিযুক্ত আহাৰৰ ভোজ, নিৰ্বাচিত দ্ৰাক্ষাৰস, কোমল মাংস, ক’ম পৰিমাণে ভোজ যুগুত কৰিব।


তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।


কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”।


প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: ‘মই যেতিয়া ইস্ৰায়েল বংশৰ ছিন্ন-ভিন্ন হোৱা লোকসকলৰ পৰা তেওঁলোকক গোট খুৱাম, আৰু যাতে জাতি সমূহৰ সাক্ষাতে মই তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই মোৰ দাস যাকোবক দিয়া দেশখনত তেওঁলোকে নিজ দেশতে বাস কৰিব।


তেতিয়া তেওঁলোকে নিৰ্ভয়ে বাস কৰিব আৰু তেওঁলোকে ঘৰ সাজিব, দ্ৰাক্ষাবাৰী পাতিব আৰু নিৰ্ভয়ে বাস কৰি থাকিব যেতিয়া মই চাৰিওফালে তেওঁলোকক হিংসা কৰোঁতা সকলক দণ্ড দিম; তেতিয়া, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”


“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰ সন্তাপৰ পাত্ৰ! মেৰ-ছাগ ৰখীয়াবোৰে জানো মেৰ-ছাগবোৰক প্ৰতিপালন কৰিব নালাগে?


আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।


আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁলোক নিজৰ দেশত নিৰ্ভয়ে থাকিব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব, যেতিয়া মই তেওঁলোকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁলোকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিম।


এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁলোকৰ আধিপত্য হ’বা, আৰু তুমি তেওঁলোকক পুনৰায় সন্তানহীন নকৰিবা।


কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।


তেওঁ প্ৰদেশৰ ঐশ্বৰ্যশালী অংশলৈ সাৱধানবাণী নিদিয়াকৈ সোমাব, আৰু তেওঁৰ পিতৃ, বা পিতৃৰ পিতৃয়ে যি কৰা নাই, তেনে কাৰ্য কৰিব। তেওঁ লূটদ্ৰব্য, কাঢ়ি লোৱা বস্তু, আৰু ধন সম্পত্তি তেওঁৰ অনুসৰণকাৰী সকলৰ মাজত বিলাই দিব; এনে কি, তেওঁ দুৰ্গবোৰৰ সৰ্বনাশ কৰিবলৈ কল্পনা কৰিব; কিন্তু অলপ সময়ৰ বাবেহে।


আৰু সেই দেশ কেনেকুৱা আৰু তাত বাস কৰা লোকসকল বলী নে নিৰ্ব্বলী আৰু তাকৰ নে সৰহ।


ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব।


এওঁলোকৰ আৰু কেতিয়াও ভোক-পিয়াহ নালাগিব; এওঁলোকৰ গাত ৰ’দ বা কোনো পোৰা তাপ নপৰিব৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন