Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 33:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 তুমি তেওঁলোকক এই কথা ক’বা, “প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ জীৱনৰ শপত, ধ্বংসস্থান-বোৰত বাস কৰা লোকসকল অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মুকলি পথাৰত থকাটোক খাবৰ কাৰণে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ আৰু গুহাত থকাবোৰ মহামাৰীত মৰিব।

অধ্যায়টো চাওক কপি কৰক




যিহি 33:27
16 পৰস্পৰ সংযোগসমূহ  

যিহোৱাৰ ভয়, আৰু তেওঁৰ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা বাচিবলৈ, লোকসকল শিলৰ গুহাত আৰু মাটিৰ গাতত সোমাব।


যি গাতত ইশ্মায়েলে নিজে বধ কৰা সকলো মানুহৰ মৰা শৱ গদলিয়াৰ শৱৰ কাষত পেলাই দিছিল, সেই গাত ইস্ৰায়েলৰ বাচা ৰজাৰ ভয়ত আচা ৰজাই খনোৱা গাত আছিল; নথনিয়াৰ পুতেক ইশ্মায়েলে ইয়াক বধ কৰা লোকৰ শৱেৰে পূৰ কৰিলে।


এতেকে এতিয়া নিশ্চয়ে জানিবা, যে, তোমালোকে প্ৰবাস কৰিবলৈ যি ঠাইলৈ যাব খুজিছা, সেই ঠাইত তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৃত্যুৰ মুখত পৰিবা।”


আৰু এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমাবলৈ মুখ কৰা যিহূদাৰ অৱশিষ্ট ভাগক মই ধৰিম, তেতিয়া তেওঁলোকৰ সকলো উচ্ছন্ন হ’ব; তেওঁলোক এই মিচৰ দেশতেই পতিত হ’ব; তেওঁলোক তৰোৱাল আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; সৰুৰ পৰা বৰলৈকে তেওঁলোক তৰোৱালত আৰু দুৰ্ভিক্ষত মৰা পৰিব; আৰু তেওঁলোক শাও, বিস্ময়, অভিশাপ, আৰু ধিক্কাৰৰ বিষয় হ’ব।


কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “মই নিশ্চয়কৈ নিকৃষ্টৰভাৱে মানুহ আৰু পশুক যিৰূচালেমৰ বিৰুদ্ধে সকলোকে উচ্ছন্ন কৰিবলৈ মোৰ এই চাৰিওটা মহা-আপদ অর্থাৎ তৰোৱাল, আকাল, হিংস্র জন্তু আৰু মহামাৰী পঠিয়াম।


“হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকসকলে কয়, ‘অব্ৰাহাম এজন মাত্ৰ লোক আছিল, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক! অধিকাৰৰ অৰ্থে দেশ আমাকেই দিয়া হৈছে।’


তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবোৰে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তু তোমাক দিম।


যিহোৱাই এই কথা কৈছে, “মই পৃথিৱীৰ বুকুৰ পৰা সকলোকে নিঃশেষ কৰি পেলাম।


মিদিয়নীয়াসকল শক্তিশালী হোৱাত ইস্ৰায়েলবাসীক তেওঁলোকে অত্যাচাৰ কৰিবলৈ ধৰিলে; মিদিয়নৰ ভয়তে ইস্ৰায়েলৰ সন্তান সকলে পাহাৰৰ মাজৰ ফাঁক, গুহা আৰু দুর্গবোৰ আশ্রয়ৰ ঠাই কৰি ল’লে।


যেতিয়া ইস্ৰায়েল লোকসকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে, কাৰণ লোকসকলে যাতনা পাইছিল, সেয়ে লোকসকলে গুহাত, হাবিত, শিলৰ খোৰোঙত দুৰ্গম ঠাইত আৰু গাতত নিজকে লুকুৱালে।


তাৰ পাছত দায়ূদে সেই ঠাই এৰিলে আৰু অদুল্লম নামেৰে এটা গুহাত আশ্ৰয় ল’লে; যেতিয়া তেওঁৰ ককায়েকসকলে আৰু পিতৃ-বংশৰ লোকসকলে এইকথা শুনিলে, তেতিয়া তেওঁলোক তেওঁৰ ওচৰলৈ গ’ল।


দায়ূদে মৰুপ্ৰান্তৰ দুৰ্গম ঠাই, পৰ্ব্বতীয়া অঞ্চলৰ জীফ মৰুপ্ৰান্তত বাস কৰিলে; তাতে চৌলে সদায় তেওঁক বিচাৰিলে, কাৰণ চৌল সদায় তেওঁৰ অপেক্ষাত আছিল, কিন্তু ঈশ্বৰে তেওঁৰ হাতত তেওঁক সমৰ্পণ নকৰিলে।


তেওঁ বাটৰ মাজত মেৰ-ছাগ ৰখা ঠাই পালে, য’ত এটা গুহা আছিল। চৌলে বিশ্ৰাম লবলৈ ভিতৰলৈ সোমালে। কিন্তু দায়ুদ আৰু তেওঁৰ লোকসকল সেই গুহাৰ অন্তৰ ভাগত বহি আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন