Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 33:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 পলাই ৰক্ষা পোৱা জন অহাৰ আগেয়ে সন্ধ্যাৰ সময়ত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত আছিল; আৰু তেওঁ ৰাতিপুৱাতে মোৰ ওচৰলৈ আহাৰ সময়ত মোৰ মূখ মেলা হ’ল। সেই কাৰণে মোৰ মূখ মেল খালে; মই আৰু বোবা হৈ নাথাকিলোঁ!

অধ্যায়টো চাওক কপি কৰক




যিহি 33:22
12 পৰস্পৰ সংযোগসমূহ  

কলদীয়াসকলৰ দেশত, কবাৰ নদীৰ পাৰত, বুজীৰ পুত্ৰ পুৰোহিত যিহিষ্কেলৰ ওচৰলৈ যিহোৱাৰ বাক্য পৰাক্ৰমেৰে আহিল আৰু সেই ঠাইত যিহোৱাৰ হাত তেওঁৰ ওপৰত অৰ্পিত হ’ল।


পাছত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু যিহোৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে। সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ আছিল।


তেতিয়াই জখৰিয়াৰ মুখ আৰু জিভাৰ বান্ধ মুকলি হৈ গ’ল আৰু তেওঁ ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।


আমি বাবিলনৰ পৰা দেশান্তৰিত হোৱাৰ পঁচিশ বছৰৰ বছৰি, বছৰৰ আৰম্ভণত, মাহৰ দশম দিনা, নগৰখন প্ৰহাৰিত হোৱাৰ চতুৰ্দ্দশ বছৰৰ সেই দিনাই যিহোৱাই তেওঁৰ হাত মোৰ ওপৰত দি মোক তালৈ নিলে।


সেই ঠাইতে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল আৰু তেওঁ মোক কলে, “উঠা! উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা পাতিম।”


কৰিন্থীয়া সকল, আমি আপোনালোকৰ বাবে, আমাৰ সকলো সত্যতাৰ বিষয়ে ক’লো আৰু আমাৰ হৃদয়ো বহল।


আমাৰ নিৰ্বাসনৰ ষষ্ঠ বছৰৰ ষষ্ঠ মাহৰ পঞ্চম দিনা, মোৰ ঘৰত মই বহি থাকোঁতে আৰু যিহূদাৰ পৰিচাৰকসকল মোৰ আগত বহি থাকোঁতে, সেই ঠাইত প্ৰভু যিহোৱাৰ হাত পুনৰায় মোৰ ওপৰত অৰ্পিত হ’ল।


“সেই দিনা মই ইস্ৰায়েলৰ-বংশৰ কাৰণে এক শিং গজাম, আৰু তেওঁলোকৰ মাজত তোমাৰ মুখ খুলিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।”


তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,


“কিন্তু তুমি, হে মনুষ্য সন্তান, যি দিনা মই তোমালোকৰ বল, তেওঁলোকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁলোকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু আৰু তেওঁলোকৰ পো-জীসকলক তেওঁলোকৰ পৰা দূৰ কৰিম -


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন