15 সেয়ে ৰাজ্যবোৰৰ মাজত সকলোতকৈ সামান্য হ’ব, আৰু আন জাতি সমূহৰ ওপৰত আৰু মূৰ নুতুলিব; আৰু মই তেওঁলোকক হ্ৰাস কৰিম যেন আন জাতি সমূহৰ ওপৰত তেওঁলোকে কেতিয়াও প্ৰভুত্ত্ব কৰিব নোৱাৰে।
উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্রাস পায়, তেওঁলোকৰ নীহ অৱস্থা হ’য়।
ৰাজ্যখন যেন সামান্য হয় আৰু নিজকে যেন বৰ বুলি নামানে আৰু তেওঁৰ নিয়মটি পালন কৰিলে হে দেশখন স্থিৰেৰে থাকিব পাৰিব, সেই কাৰণে তেওঁ দেশৰ বীৰ সকলক আঁটৰাই লৈ গ’ল।
তেতিয়া সেয়ে গজি বাঢ়ি, মাটিৰ তললৈ ব্যাপি যোৱা এক দ্ৰাক্ষালতা হ’ল। তাৰ ডালবোৰে সেই ঈগল পক্ষীৰ ফালে মুখ কৰিছিল আৰু শিপাবোৰ তাৰ তলত গজিছিল। সেয়ে এইদৰে দ্ৰাক্ষালতা হৈ ডালবোৰ উৎপন্ন হ’ল আৰু পোখাবোৰ মেলিলে।
প্ৰভু যিহোৱাই এই কথা কৈছে: “মই মূৰ্ত্তিবোৰো নষ্ট কৰিম আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম। আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব, আৰু মই মিচৰ দেশত আতংক আনিম!
“হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা, ‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?
“হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”
তেওঁলোকে সঙ্কটপূৰ্ণ সমুদ্ৰৰ মাজেদি যাত্রা কৰিব; তেওঁলোকে সাগৰৰ ঢৌক প্ৰহাৰ কৰিব; আৰু নীল নদীৰ সকলো জল তেওঁলোকে শুকুৱাই পেলাব। অচূৰৰ মহত্ত্ব তল পেলোৱা হ’ব আৰু মিচৰৰ দণ্ডডালি তেওঁলোকৰ পৰা দূৰ কৰা যাব।