9 গবলৰ বিশেষ অভিজ্ঞতা থকা কাৰিকৰবোৰে তোমাৰ জাহাজবোৰক মেৰামতি কৰিছিল; তোমাৰ বাণিজ্য-দ্ৰব্য বেহা-বেপাৰ কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাৱিকবোৰ তোমাৰ মাজত আছিল!
চলোমন আৰু হীৰমৰ ঘৰ-সজীয়া লোকসকল আৰু গিবলীয়া লোকসকলে সেইবোৰ শিল কাটিলে, আৰু এইদৰে সিহঁতে গৃহ নিৰ্ম্মাণ কৰিবলৈ কাঠ আৰু শিলো যুগুত কৰিলে।
গিবলীয়াসকলৰ দেশ, সূৰ্য উদয় হোৱা ফালে থকা গোটেই লিবানোন, হৰ্মোণ পৰ্ব্বতৰ তলত থকা বাল-গাদৰ পৰা হমাতলৈ৷
গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তূৰ নিবাসীসকলৰ সৈতে পলেষ্টিয়াসকল;
কিয়নো সকলো জাতি তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷ আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।”
পৃথিৱীৰ সদাগৰ সকলে তাইৰ কাৰণে ক্ৰন্দন আৰু শোক কৰিছে,
তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।
অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে; লোটৰ উত্তৰপুৰুষসকলৰ বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে।