Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 27:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 তেওঁলোকে হাহাকাৰ কৰি তোমাৰ বিলাপ কৰিবলৈ ধৰিব আৰু তোমাৰ বিষয়ে এই বিলাপৰ কথা ক’ব, তূৰৰ নিচিনা, সমুদ্ৰৰ মাজত নিস্তব্ধে থকা জনীৰেই নিচিনা কোন আছে?

অধ্যায়টো চাওক কপি কৰক




যিহি 27:32
9 পৰস্পৰ সংযোগসমূহ  

হে বাটৰুৱাসকল, এয়ে তোমালোকৰ দৃষ্টিত একোকে নহয় নে? বিচাৰ কৰা আৰু চোৱা, মোলৈ কৰা মোৰ এই দুখৰ নিচিনা আৰু দুখ হ’ব পাৰেনে? কিয়নো যিহোৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা মোক যন্ত্ৰণা দিলে।


হে যিৰূচালেম-জীয়াৰী, তোমাৰ বিষয়ে মই কি সাক্ষ্য দিম? তোমাক শান্ত্বনা দিবৰ বাবে তোমাৰে সৈতে কিহৰ তুলনা দিম? হে কুমাৰী চিয়োন-জীয়াৰী, কিয়নো তোমাৰ ভঙা-ৰূপ সাগৰৰ দৰে বৃহৎ; কোনে তোমাক সুস্থ কৰিব পাৰে?


শত্রুবোৰে তোমাৰ সম্পত্তি লুট কৰিব আৰু তোমাৰ বাণিজ্যদ্ৰব্য কাঢ়ি নিব! তেওঁলোকে তোমাৰ গড় ভাঙি পেলাব, তোমাৰ মনোহৰ ঘৰবোৰ বিনষ্ট কৰিব, আৰু তোমাৰ শিল, কাঠ, ধূলি জল সমূহৰ মাজত পেলাব।


আৰু তেওঁলোক তোমাৰ অৰ্থে বিলাপ কৰিবলৈ ধৰি তোমাক ক’ব, যি নগৰীয়ে সাগৰ-নিবাসীসকলত নিজৰ ভয় লগাইছিল, সমুদ্ৰ-ব্যৱসায়ী নিজ নিবাসীসকলে সৈতে সমুদ্ৰত পৰাক্ৰমী আৰু বিখ্যাত সেই নগৰী যি তুমি, কেনে বিনষ্ট থ’লো!


“হে মনুষ্য সন্তান, তুমি তূৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা,


তোমাৰ বঠা বাওঁতাসকলে তোমাক মহাজল সমূহলৈ লৈ আহিল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ধংস কৰিলে।


“হে মনুষ্য সন্তান, তুমি তূৰৰ ৰজাৰ বিষয়ে বিলাপ কৰা আৰু তেওঁক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি সৰ্ব্ব গুণৰ সমষ্টি, পূৰ্ণজ্ঞানী আৰু পৰমসুন্দৰ আছিলা!


তাইক পোৰাৰ ধুঁৱা দেখি তেওঁলোকে ৰিঙিয়াই ক’লে, “এই মহা-নগৰ তুল্য কোন নগৰ আছে?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন