8 তেওঁ গাৱেঁভূঁয়ে থকা তোমাৰ জীসকলক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোঁঠ সাজিব। তোমাৰ বিৰুদ্ধে হাদাম বান্ধিব আৰু তোমাৰ অহিতে ঢাল পাতিব!
তাতে তেওঁলোকে আহি বৈৎমাখাৰ আবেলত চেবাক বেৰি ধৰিলে আৰু নগৰৰ বিৰুদ্ধে এক হাদাম বান্ধিলে৷ তেতিয়া যোৱাবৰ লগত থকা সৈন্যদলৰ সকলোৱে সেই হাদাম গড়টো ভাঙিবলে চেষ্টা কৰিলে।
চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।
পাছে তেওঁৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা, বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি ছাউনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঁঠ সাজিলে।
কিয়নো বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: তোমালোকে কাঠ কাটি যিৰূচালেমৰ অহিতে দ’ম বান্ধা। সেয়ে দণ্ড পাবলগীয়া নগৰী; তাৰ মাজত সম্পূৰ্ণ অত্যাচাৰ আছে।
পাছে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হত্যাৰ বাবে হুকুম দিবলৈ, উচ্ছস্বৰে জয়ধ্বনি কৰিবলৈ, দুৱাৰবোৰৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হাদাম বান্ধিবলৈ, কোঁঠ সাজিবলৈ তেওঁৰ সোঁ হাতত যিৰূচালেমৰ নাম উঠিল!
আৰু গাৱেঁভূঁয়ে থকা তাৰ জীয়াৰীসকলক তৰোৱালেৰে বধ কৰা হ’ব; তাতে মই যে যিহোৱা তাক তেওঁলোকে জানিব।
আৰু তেওঁ তোমাৰ গড়ৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিব আৰু কুঠাৰেৰে তোমাৰ ওখ ঘৰবোৰ ভাঙিব!
সেয়ে তেওঁলোকে ৰজাক বিদ্রূপ কৰে, আৰু শাসনকৰ্ত্তাসকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্র হয়। তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে; কাৰণ তেওঁলোকে মাটি দ’ম কৰে আৰু সীমা বান্ধি সেই সকলো কাঢ়ি লয়।
কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা কাৰণে, যি কালত তোমাৰ শত্ৰুবোৰে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি ধৰিব আৰু চাৰিওফালৰ পৰা তোমাক আগচি ধৰিব,