3 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে তূৰ, চোৱা! মই তোমাৰ বিপক্ষ; সমুদ্ৰই নিজৰ ঢৌৱে উটুওৱাদি মই তোমাৰ বিৰুদ্ধে অনেক জাতিক তুলিম!
তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল; তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে;
সেই দিনা তেওঁলোকে সমুদ্ৰই গৰ্জ্জন কৰাৰ দৰে চিকাৰৰ বিৰুদ্ধে গৰ্জ্জন কৰিব, কোনোৱে যদি ভূমিৰ ওপৰেৰে চায় তেওঁ কেৱল অন্ধকাৰ আৰু সঙ্কট দেখিব, আৰু মেঘৰ দ্বাৰাই পোহৰ অন্ধকাৰময় হ’ব।
যিহোৱাই কৈছে, চোৱা, হে উপত্যকাত থকা লোক! হে সমথলৰ পৰ্ব্বত-নিবাসীনী, চোৱা, মই তোমাৰ বিপক্ষ “আমাৰ বিৰুদ্ধে কোন নামি আহিব? ‘আমাৰ বাসস্থানবোৰত কোন সোমাব?” এই বুলি কোৱা যি তোমালোক, মই তোমালোকৰ বিপক্ষ?’
চীদোনৰ সকলো ৰজাক, সমুদ্ৰৰ সিপাৰে থকা দ্বীপৰ সকলো ৰজাক,
বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে গৰ্ব্বী, দেখ, মই তোৰ বিপক্ষ; কিয়নো তোৰ দিন, মই তোক দণ্ড দিয়াৰ সময় আহিল।
সিহঁতে ধনু আৰু বৰছা ধৰে, সিহঁত নিষ্ঠুৰ আৰু দয়াহীন; সিহঁতৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা আৰু সিহঁত ঘোঁৰাত উঠে; হে বাবিল-জীয়াৰী, তোমাৰ বিৰুদ্ধে সিহঁত প্ৰতিজনে যুদ্ধাৰুৰ নিচিনাকৈ সাজু হৈ আছে।
বাবিলৰ ওপৰত সমুদ্ৰ উঠিল, তাৰ ঢৌসমুহেৰে তাক ঢকা হ’ল।
তেওঁলোকে ধনু আৰু বৰছা ধৰিব। তেওঁলোক নিষ্ঠুৰ আৰু দয়াহীন; তেওঁলোকৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা, আৰু তেওঁলোক ঘোঁৰাত উঠে; হে চিয়োন-জীয়াৰী, তোমাৰ বিৰুদ্ধে তেওঁলোক প্ৰতিজনে যুদ্ধাৰুৰ দৰে সাজু হৈ আছে।
তুমি ইস্ৰায়েল দেশক কোৱা, ‘যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিপক্ষ! মই মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম!
কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: নিবাসীশূণ্য নগৰবোৰৰ দৰে যেতিয়া মই তোমাক উচ্ছন্ন নগৰী কৰিম, যেতিয়া মই তোমাৰ ওপৰলৈ অগাধ জল সমূহ আনিম, আৰু মহাজল সমূহে তোমাক ঢাকিব,
তোমাৰ বঠা বাওঁতাসকলে তোমাক মহাজল সমূহলৈ লৈ আহিল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ধংস কৰিলে।
আৰু কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে, হে চীদোন! মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম, যেতিয়া মই তাক দণ্ড দিম আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম। তেতিয়া মই যে পবিত্র, সেয়ে তোমাত প্রকাশিত হ’ম!
এই কাৰণে, চোৱা! মই তোমাৰ আৰু তোমাৰ নৈবোৰৰ বিপক্ষ; মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম আৰু মিগদোলৰ পৰা চিবেনিলৈকে, এনে কি, কুচৰ সীমালৈকে তুমি ধ্বংসস্থান হৈ পৰিবা।
‘প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! ৰোচ, মেচেক আৰু তুবলৰ অধিপতি হে গোগ, মই তোমাৰ বিপক্ষ।
এই কাৰণে” প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা! মই ময়েই তোমাৰ বিপক্ষ! আৰু মই জাতি সমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।
এতিয়া অনেক দেশ তোমালোকৰ বিৰুদ্ধে একত্রিত হ’ব; তেওঁলোকে কৈছে, তেওঁক কলুষিত হ’ব দিয়া, আমাৰ চকুক চিয়োনক আগ্রহেৰে চাব দিয়া।”
সিংহই নিজৰ পোৱালিবোৰৰ কাৰণে জোৰাওকৈ অনেক পশু ছিৰিছিল আৰু নিজ সিংহিনীবোৰৰ কাৰণে ডিঙিত টেপা দি মাৰিছিল আৰু বলিৰ চিকাৰেৰে নিজৰ গুহাবোৰ আৰু ধৰি অনা নিজৰ চিকাৰবোৰ গাতবোৰত ভৰাই ৰাখিছিল।
বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমাৰ বিপক্ষে; মই তোমাৰ কাপোৰৰ আঁচল তোমাৰ মুখৰ ওপৰলৈকে দাঙি তোমাক অনাবৃতা কৰিম; মই জাতি সমূহক তোমাৰ বিবস্ত্ৰতা আৰু ৰাজ্যক তোমাৰ লাজ দেখুৱাম।
কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।
চোৱা প্ৰভুৱে তাইৰ আধিপত্য আতৰাব, আৰু সমুদ্ৰত থকা তাইৰ পৰাক্ৰম নষ্ট কৰিব আৰু তাইক অগ্নিৰ দ্বাৰাই গ্ৰাসিত কৰা হ’ব।
তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷