12 শত্রুবোৰে তোমাৰ সম্পত্তি লুট কৰিব আৰু তোমাৰ বাণিজ্যদ্ৰব্য কাঢ়ি নিব! তেওঁলোকে তোমাৰ গড় ভাঙি পেলাব, তোমাৰ মনোহৰ ঘৰবোৰ বিনষ্ট কৰিব, আৰু তোমাৰ শিল, কাঠ, ধূলি জল সমূহৰ মাজত পেলাব।
হিষ্কিয়াৰ অধিক ধন আৰু সন্মান আছিল৷ তেওঁ নিজৰ বাবে ৰূপৰ, সোণৰ, বহুমুল্য বাখৰ, সুগন্ধিদ্ৰব্য, ঢালৰ আৰু সকলোবিধ বহুমুল্য পাত্ৰৰ ভঁৰাল ৰাখিছিল৷
পাছত বছৰৰ আৰম্ভণত নবূখদনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে।
যিহোৱাই সমুদ্ৰৰ ওপৰত নিজৰ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে, যিহোৱাই কনানৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে।
যাৰ বনিকসকল ৰাজপুত্র, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যৱন্ত লোক, সেই ৰাজমুকুট দিয়া তূৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে?
তোমালোকে মনোহৰ খেতি, আৰু ফলৱতী দ্ৰাক্ষালতাৰ বাবে বিলাপ কৰিবা।
হে মেৰ-ছাগ ৰখীয়াবোৰ, তোমালোকে হাহাঁকাৰ আৰু কাতৰোক্তি কৰা; আৰু হে মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকল, তোমালোক ছাইত বাগৰা। কিয়নো তোমালোকৰ হত্যাৰ দিন আহি পৰিল; মই তোমালোকক ছিন্ন-ভিন্ন কৰিম, তাতে তোমালোক মনোহৰ পাত্ৰৰ দৰে পতিত হবা।
আৰু সেই ৰক্ষক-সেনাপতিৰ লগত অহা কলদীয়াবিলাকৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ চাৰিওফালৰ আটাইবোৰ গড় ভাঙি পেলালে।
সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ’ব; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইয়াক ক’লো, আৰু নগৰ জাতিবোৰলৈ লুটদ্ৰব্যস্বৰূপ হ’ব।
তেওঁলোকে তোমাক গাতলৈ নমাই পঠিয়াব আৰু তোমাৰ সাগৰৰ মাজ ঠাইত হত হোৱা লোকৰ দৰে মৃত্যু হ’ব!
ৰূপ আৰু সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰ, আৰু দেৱতাবোৰকো মিচৰলৈ কাঢ়ি নিব। কেইবছৰমানৰ বাবে উত্তৰ দেশৰ ৰজাক আক্রমণ কৰাৰ পৰা বিৰত থাকিব।
ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও, যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব, মৰুভূমিৰ পৰা বৈ আহিব; ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুৱাঁত পানী নোহোৱা হ’ব; শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব।
তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা।
তোমালোকে ৰূপ লুট কৰি নিয়া, সোণ লুট কৰি নিয়া, কিয়নো বস্তুবোৰৰ সৌন্দৰ্যৰ মহিমা সীমাহীন। ইয়াতে সকলো প্ৰকাৰ মনোহৰ বস্তু অতিশয় অধিক পৰিমাণে আছে।
কিন্তু মই তেওঁলোকে নজনাকৈ আটাই জাতিৰ মাজলৈ বা’মাৰলি বতাহেৰে তেওঁলোকক ছিন্ন-ভিন্ন কৰিম। এইদৰে তেওঁলোকৰ পাছত দেশখন এনেদৰে উচ্ছন্ন হ’ল, যে তাৰ মাজেদি কোনেও অহা-যোৱা নকৰিলে; কিয়নো তেওঁলোকৰ দ্বাৰাই মনোহৰ দেশখন উচ্ছন্ন হ’ল।’”