34 তুমি তাত পান কৰিবা আৰু চুঁচি শেষ কৰি খাবা; তাৰ পাছত খোলাবোৰ চোবাবা আৰু নিজ স্তন বিদাৰিবা। কিয়নো প্ৰভু যিহোৱাই ইয়াক ঘোষণা কৰিছে!’ এয়ে প্রভু যিহোৱাৰ ঘোষণা!।
কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে, তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।
কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম।
যিহোৱাৰ হাতৰ পৰা তেওঁৰ ক্ৰোধৰ পান-পাত্ৰ পান কৰা; হে যিৰূচালেম, সজাগ হোৱা, সজাগ হোৱা, ঠিয় হোৱা; তোমালোকে পান-পাত্র পান কৰিছা, ঢলংপলং কৰোঁতা পান-পাত্ৰ, আৰু তোমালোকে তাক উলিয়াইছা।
মই যি দিনা তোমাৰ প্ৰতিশোধ ল’ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিব নে? বা তোমাৰ হাত সবল হ’ব নে? মই, যিহোৱাই ইয়াক ক’লোঁ আৰু মই ইয়াক সিদ্ধও কৰিম।
তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যাকৰ্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল।
কিয়নো মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাছিল, যেতিয়া তাইৰ যৌৱন কালত তেওঁলোকে তাইৰ লগত শয়ন কৰিছিল আৰু তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু যেতিয়া তেওঁলোকে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম কৰিছিল।
তাই যিমান গৌৰৱ আৰু বিলাসিতা কৰিছিল তাইক সিমান যাতনা আৰু শোক দিয়া৷ কিয়নো তাই মনতে কয়, ‘মই ৰাণী হৈ বহি আছোঁ; মই বিধৱা নহওঁ আৰু মই শোকৰ দিন কেতিয়াও নেদেখিম।’