Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 23:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে, ‘চোৱা! যিবোৰলৈ তোমাৰ মনত ঘিণ আছিল, তুমি হিংসা কৰাবোৰৰ হাতত, মই তোমাক সেইসকলৰ হাতত শোধাই দিম।

অধ্যায়টো চাওক কপি কৰক




যিহি 23:28
6 পৰস্পৰ সংযোগসমূহ  

আৰু যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ প্ৰধান লোকসকলক, আৰু এই দেশত বাকী থকা যিৰূচালেমৰ অৱশিষ্ট ভাগক, আৰু মিচৰ দেশত প্ৰবাস কৰা লোকসকলক, বেয়াৰ বাবে খাব নোৱাৰা সেই বেয়া ডিমৰু গুটিৰ দৰে মই ত্যাগ কৰিম, ইয়াক যিহোৱাই নিশ্চয়কৈ কৈছে।


মই তেওঁলোকক তেওঁলোকৰ শত্ৰূবোৰ আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত সমৰ্পণ কৰিম। তেওঁলোকৰ মৰা শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব।


চোৱা! তুমি যিসকলৰ সৈতে আমোদ-প্ৰমোদ কৰিলা, তোমাৰ সেই আটাই প্ৰেমকাৰীক আৰু তুমি প্ৰেম কৰা ও ঘিণ কৰা আটাইকে মই গোটাম; মই তোমাৰ বিৰুদ্ধে চাৰিওফালৰ পৰাই তেওঁলোকক গোটাম আৰু তেওঁলোকক তোমাৰ সমস্ত বিবস্ত্ৰতা দেখিবলৈ তেওঁলোকৰ আগত তোমাৰ বিবস্ত্ৰতা প্ৰকাশ কৰিম।


তেতিয়া বাবিলীয়াসকল তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্মেৰে তাইক অশুচি কৰিলে; তাই তেওঁলোকৰ দ্বাৰাই অশুচি হ’ল আৰু তেতিয়া তাই তাইৰ মনত তেওঁলোকৰ বিৰুদ্ধে ঘিণ লাগিল।


এই হেতুকে, হে অহলীবা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাৰ প্ৰেমকাৰীসকললৈ তোমাৰ বিৰুদ্ধে কৰিম! যিসকলৰ পৰা তোমাৰ মনত ঘিণ আছিল, মই তেওঁলোকক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তেওঁলোকক আনিম!


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন