Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 23:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নোহোৱা কৰিম। তুমি তেওঁলোকলৈ আৰু চকু তুলি হেঁপাহেৰে নাচাবা আৰু মিচৰলৈ কেতিয়াও সোঁৱৰণ নকৰিবা।’

অধ্যায়টো চাওক কপি কৰক




যিহি 23:27
9 পৰস্পৰ সংযোগসমূহ  

এই হেতুকে ইয়াৰ দ্বাৰাই, যাকোবৰ অপৰাধ মোচন কৰা হ’ব, ইয়াৰ বাবে তেওঁৰ পাপ মোচন কৰাৰ এইয়ে সকলো ফল, আচেৰাৰ স্তম্ভবোৰ, প্ৰতিমাবোৰ পুনৰাই তুলিব নোৱাৰাকৈ, আৰু যজ্ঞবেদীবোৰ তেওঁ শিলবোৰৰ দৰে কৰিব।


এইদৰে অনেক স্ত্রীৰ আগত তোমাক দণ্ড দিব; এইদৰে মই তোমাক বেশ্যাকৰ্ম কৰাৰ পৰা এৰুৱাম, তুমি বেশ্যাৰ বেচ আৰু নিদিবা।


মই জাতিবোৰৰ মাজত তোমাক ছিন্ন-ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম আৰু তোমাৰ মাজৰ পৰা তোমাৰ লেতেৰাবোৰ নিকা কৰিম।


তেতিয়া তাই নিজ যৌৱন কাল সোঁৱৰণ কৰিলে আৰু নিজৰ বেশ্যালি আৰু অধিককৈ বৃদ্ধি কৰিলে, যিদৰে তাই মিচৰ দেশত থাকোতে বেশ্যাকৰ্ম কৰিছিল!


তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যাকৰ্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল।


তাৰ পিছত টৌটো গৰম হ’বলৈ আৰু তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালীকৈ বহোৱা!’


ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে, তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে; তেওঁলোকে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি ভয়ঙ্কৰ অপৰাধমূলক কাৰ্য কৰে।


বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন