26 তেওঁলোকে তোমাক উলঙ্গও কৰিব আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব।
যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল।
চাওক, আপোনাৰ গৃহত যি যি আছে, আৰু আপোনাৰ পূৰ্বপুৰুষসকলে সাঁচি থৈ যোৱা যি যি বস্তু আজিলৈকে আছে, সেই সকলোকে বাবিললৈ নিবৰ দিন ওচৰ চাপিছে, সেইবোৰৰ অলপো অৱশিষ্ট নাথাকিব, ইয়াক যিহোৱাই কৈছে।
তেতিয়া হয়তো তুমি মনতে ক’বা, যে, “মোৰ এনে দশা কিয় ঘটিল?” তেন্তে শুনা, তোমাৰ অপৰাধ অধিক হোৱাত তোমাৰ বস্ত্ৰৰ আঁচল ওপৰলৈ তোলা হ’ল, আৰু তোমাক বলাৎকাৰ কৰা হ’ল।
আৰু তুমি নিজৰ কেইখনমান কাপোৰ লৈ, তাৰে নিজৰ বাবে চিত্ৰবিচিত্ৰ ওখ ঠাই কৰি তাৰ ওপৰত বেশ্যাকৰ্ম কৰিলা; এনে কথা হোৱা নাই, আৰু নহ’বও।
চোৱা! তুমি যিসকলৰ সৈতে আমোদ-প্ৰমোদ কৰিলা, তোমাৰ সেই আটাই প্ৰেমকাৰীক আৰু তুমি প্ৰেম কৰা ও ঘিণ কৰা আটাইকে মই গোটাম; মই তোমাৰ বিৰুদ্ধে চাৰিওফালৰ পৰাই তেওঁলোকক গোটাম আৰু তেওঁলোকক তোমাৰ সমস্ত বিবস্ত্ৰতা দেখিবলৈ তেওঁলোকৰ আগত তোমাৰ বিবস্ত্ৰতা প্ৰকাশ কৰিম।
মই তেওঁলোকৰ হাতত তোমাক সমৰ্পণ কৰিম; তাতে তেওঁলোকে তোমাৰ বেশ্যালয় নষ্ট কৰিব, তোমাৰ ওখ ঠাইবোৰ ভাঙি পেলাব, তোমাক বিবস্ত্ৰা কৰিব আৰু তোমাৰ সুন্দৰ অলঙ্কাৰবোৰ লৈ যাব; তেওঁলোকে তোমাক বিবস্ত্ৰা আৰু উলঙ্গিনী কৰি এৰিব।
তেওঁলোকে তোমাক ঘিণ কৰিব; তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব আৰু তোমাক উলঙ্গিনী আৰু বিবস্ত্ৰতা কৰি এৰিব। তেতিয়া তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব!
সেয়ে নহ’লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলঙ্গ আছিল, তাইৰ অৱস্থা তেনে কৰিম। মই তাইক মৰুভূমিৰ নিচিনা কৰিম; খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম।
তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব৷ তাইক অনাথ আৰু উলঙ্গ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব।