Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 21:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 তেওঁলোকে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত আৰু তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ সেই অন্তজনক অপৰাধৰ সময়ৰ দিন উপস্থিত হ’ব।

অধ্যায়টো চাওক কপি কৰক




যিহি 21:29
15 পৰস্পৰ সংযোগসমূহ  

আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল,


যিহোৱাই নোকোৱাকৈয়ে প্ৰভু যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীসকলে কৈ, অনৰ্থক দৰ্শন দেখি আৰু তেওঁলোকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁলোকৰ বাবে চূণেৰে লিপে।


কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’


প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে।


কিয়নো ইস্রায়েলৰ সন্তান সকলৰ প্রতি তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, তেওঁলোকৰ আপদৰ কালতেই তুমি তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিলা -


তোমালোকে অনৰ্থক দৰ্শন আৰু নেদেখিবা আৰু মঙ্গল চাবলৈ নাপাবা; কিন্তু মই তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম; তাতে, মই যে, যিহোৱা, তাক তোমালোকে জানিবা’!”


শান্তি নোহোৱাকৈয়ে তেওঁলোকে ‘শান্তি!’ বুলি কৈ মোৰ প্ৰজাসকলক ভুলায় আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া তেওঁলোকে তাক চূণেৰে লিপে।


যিহোৱাই কৈছে এই বুলি কওঁতাসকলে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়’।” আৰু যিহোৱাই নপঠোৱাকৈয়ে বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে।


কিয়নো ইস্ৰায়েল বংশৰ ভিতৰত অনৰ্থক দৰ্শন বা মানুহে ভাল পোৱা মঙ্গল চোৱা কথা আৰু নহ’ব।


তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।


তুমি অনেক পৰামৰ্শৰ সৈতে ভাগৰি পৰিছা; সেই লোকসকলক ঠিয় হ’ব দিয়া যিসকলে গ্রহ নক্ষত্র আৰু তৰা গণনা কৰে তোমাক উদ্ধাৰ কৰিব, নতুন জোন ঘোষনা কৰাসকলক তোমালৈ যি যি ঘটিব, তাৰ পৰা তোমাক উদ্ধাৰ কৰিব দিয়া।


যি জনাই অনৰ্থক কথা কোৱাসকলৰ লক্ষণবোৰ ব্যৰ্থ কৰে, মঙ্গলতীবোৰক বলীয়া কৰে, আৰু যি সকলে মঙ্গল চাই তেওঁলোকক অপমান কৰে, আৰু মই সেই জন যি জনে জ্ঞানীসকলৰ প্রজ্ঞা বিপৰ্যস্থ কৰে, আৰু তেওঁলোকৰ পৰামৰ্শ মুৰ্খতালৈ ৰূপান্তৰিত কৰে।


তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব, আৰু পূবত থকাবোৰে চিঞৰি উঠিব।


যেনকৈ ভুমুকে নিজৰ শীতল পানী উলিয়াই থাকে, তেনেকৈ তাই নিজৰ দুষ্টতা উলিয়াই থাকে। তাইৰ মাজত অত্যাচাৰ আৰু লুটৰ কথা শুনা যায়; নৰিয়া পৰা আৰু ঘা লগা সদায় মোৰ চকুত পৰে।


কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে, তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ। এতিয়া তেওঁলোকৰ পাপ কার্যবোৰে তেওঁলোকক সম্পূর্ণকৈ আগুৰি ৰাখিছে; মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন