27 মই সকলো নষ্ট কৰিম! নষ্ট কৰিম! নষ্ট কৰিম! স্বত্ব থকা জনা নহালৈকে নিশ্চয়ে এই ৰাজমুকুট আৰু নাথাকিব; আৰু তেতিয়া মই এইবোৰ সেই জনাকহে দিম।
চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
তেওঁলোকৰ অধিপতি তেওঁলোকৰ ভিতৰতে হ’ব, আৰু তেওঁলোকৰ শাসনকৰ্ত্তা তেওঁলোকৰ মাজৰ পৰা ওলাব; আৰু মই তেওঁক মোৰ ওচৰ চপাম, তেতিয়া তেওঁ মোৰ ওচৰ চাপিব; কিয়নো যিহোৱাই কৈছে, মোৰ ওচৰলৈ আহিবলৈ কাৰ সাহস আছে?”
চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।
তেন্তে মোৰ দাস দায়ূদে সৈতে কৰা মোৰ নিয়মটিও এনেকৈ ভাঙিব পৰা যাব, যে, তেওঁৰ সিংহাসনত বহি ৰাজশাসন কৰিবলৈ তেওঁৰ এটি সন্তানো নহ’ব; আৰু মোৰ পৰিচাৰক লেবীয়া পুৰোহিতসকলৰ সৈতে কৰা মোৰ নিয়মটিও ভাঙিব পৰা যাব।
তেতিয়া মই যাকোবৰ আৰু মোৰ দাস দায়ূদৰ বংশকো অগ্ৰাহ্য কৰি অব্ৰাহাম, ইচহাক আৰু যাকোবৰ বংশৰ ওপৰত শাসন কৰিবলৈ তেওঁৰ বংশৰ এজনকো নলম; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ প্রতি দয়া কৰিম।
পাছে তেওঁৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা, বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি ছাউনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঁঠ সাজিলে।
কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতে দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব?’ এয়ে প্ৰভু যিহোৱাৰ বচন।
আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।
কাৰণ মই, যিহোৱাই, মোৰ লোকসকলৰ ঈশ্বৰ হ’ম, আৰু মোৰ দাস তেওঁলোকৰ মাজত অধিপতি হ’ব! ইয়াক মই, যিহোৱাই ঘোষণা কৰিলোঁ!
আৰু তাক অৱৰোধ কৰা, তাৰ বিপৰীতে কোঁঠ সাজা, তাৰ বিপৰীতে হাদাম বান্ধা, তাৰ বিপৰীতে চাৰিওফালে ছাউনি পাতা আৰু তাৰ বিপৰীতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা।
আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
সেয়ে জানি লোৱা আৰু বুজি লোৱা যে, যিৰূচালেম পুনৰ নিৰ্মাণ কৰাৰ আজ্ঞা পোৱাৰ পৰা আৰু অভিষেক কৰা শাসনকৰ্ত্তাজন অহালৈকে সাত সপ্তাহ আৰু বাষষ্ঠি সপ্তাহলৈকে হ’ব। যন্ত্রনাৰ সময়ৰ স্বত্তেও গড়েৰে সৈতে যিৰূচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ’ব।
তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।
কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;
আৰু মই প্রত্যেক দেশবোৰক কঁপাম, আৰু প্রত্যেক দেশে মোলৈ বহুমূল্যৱান বস্তু আনিব; বাহিনীসকলৰ যিহোৱাই কৈছে, মই এই গৃহ গৌৰৱেৰে পৰিপূৰ্ণ কৰিম।
হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্মিকতাৰূপ সূৰ্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালিৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব, আৰু নগৰৰ অৱশিষ্ট লোকসকলক বিনষ্ট কৰিব।
তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।
তেওঁ মহান হব, আৰু সর্বোপৰি জনৰ পুত্ৰ বুলি প্ৰখ্যাত হব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সিংহাসন তেওঁক দিব;
তেওঁ আমাৰ কাৰণে তেওঁৰ দাস দায়ুদৰ বংশত এজন শক্তিশালী ত্রাণকর্তাক দিলে।
আজি দায়ুদৰ নগৰত তোমালোকৰ কাৰণে ত্ৰাণকর্তা জন্মিল; তেওঁ অভিষিক্ত প্ৰভু খ্ৰীষ্ট।
জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ।
সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল।
তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷