Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 21:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 তৰোৱালখন অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰলৈ আহিবৰ কাৰণে এটা পথ আৰু যিহূদাৰ মাজত থকা গড়েৰে আবৃত, যিৰূচালেম নগৰলৈ আহিবৰ কাৰণে এটা পথ তুমি আঁকা।

অধ্যায়টো চাওক কপি কৰক




যিহি 21:20
13 পৰস্পৰ সংযোগসমূহ  

সেইবাবে যুদ্ধৰ দিনত বিজয়ধ্বনিৰে সৈতে, ভয়ঙ্কৰ বা’মৰলী বতাহৰ দিনত ধুমুহাৰে সৈতে মই ৰব্বাৰ প্রাচীৰবোৰত জুই লগাই দিম; সেয়ে ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।


এই নিমিত্তে, যিহোৱাই কৈছে, চোৱা, যিদিনা মই অম্মোনৰ সন্তানসকলৰ ৰব্বাৰ বিৰুদ্ধে যুদ্ধৰ ধ্বনি শুনাম, এনে দিন আহিছে; সেয়ে ভগ্নৰাশি হ’ব, আৰু তাৰ উপনগৰবোৰ জুইৰে পোৰা যাব; তেতিয়া যিহোৱাই কৈছে, ইস্ৰায়েলক অধিকাৰ কৰা-বিলাকক ইস্ৰায়েলে অধিকাৰ কৰিব।


আৰু মই ৰব্বাক উটৰ শাল বনাম আৰু অম্মোনৰ লোকসকলৰ দেশখন মেৰ শোৱা গঁৰাল কৰিম, তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!


অৱশিষ্ট ৰফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই?


ইয়াক পৃথিৱীৰ ৰজাসকলে নাইবা আটাই জগত নিবাসীয়ে বিশ্বাস নকৰিব যে, শত্ৰু আৰু বৈৰী যিৰূচালেমৰ দুৱাৰত সোমাব পাৰে।


তোমালোকে যিৰূচালেমৰ ঘৰবোৰ গণনা কৰিলা, আৰু নগৰৰ গড় সুদৃঢ় কৰিবৰ বাবে তাৰ ঘৰবোৰ ভাঙি পেলালা;


তাৰ পাছত গীহোনৰ পশ্চিমে উপত্যকাত মৎস্য দুৱাৰৰ সোমোৱা ঠাইলৈকে দায়ুদৰ নগৰৰ এক বাহিৰ গড় সাজিলে৷ আৰু ওফেলৰ চাৰিওফালৰ গড় মেৰামত কৰি তাক অতি ওখ কৰিলে৷ গড়েৰে আবৃত যিহূদাৰ নগৰবোৰত সেনাপতি সকলক ৰাখিলে।


এনেতে হিষ্কিয়াই সাহেৰে ভগা চিগা গড়বোৰ মেৰামত কৰি, ওখ ঘৰবোৰ সমান আৰু ওখ কৰিলে; আৰু বাহিৰত আন গড় সাজি দায়ুদৰ নগৰত থকা মিল্লো সুসজ্জিত কৰিলে আৰু বহু পৰিমাণে অস্ত্ৰ-শস্ত্ৰ আৰু ঢাল যুগুত কৰিলে।


উজ্জিয়াই যিৰূচালেমৰ চুকৰ দুৱাৰ, উপত্যকাৰ দুৱাৰ আৰু গড়ৰ চুকত থকা দুর্গ বোৰ সাজিছিল, আৰু সেইবোৰ সুৰক্ষিত কৰিছিল।


তেতিয়া যোৱাবে অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি ইয়াৰ দুর্গ অধিকাৰ কৰি ল’লে।


তাৰ পাছত দায়ূদে সেই দুৰ্গত নিবাস কৰি, তাৰ নাম দায়ূদৰ নগৰ ৰাখিলে৷ আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্ম্মাণ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন