Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 21:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 তাক হাতত ল’বৰ বাবে, তেওঁ তাক চিকুণ কৰিবলৈ আজ্ঞা দিছে! বধ কৰোঁতাৰ হাতত দিবৰ বাবে তৰোৱালখন ধাৰ দিয়া হৈছে! এনে কি চিকুণ কৰাও হৈছে!

অধ্যায়টো চাওক কপি কৰক




যিহি 21:11
8 পৰস্পৰ সংযোগসমূহ  

মৰ্দখয়ে এই সকলো ঘটনাৰ কথা জানিবলৈ পাই নিজৰ কাপোৰ ফালিলে, আৰু চট কাপোৰ পিন্ধি ছাঁই সানি নগৰৰ মাজলৈ গৈ বেদনাৰে চিঞৰি চিঞৰি কান্দিব ধৰিলে।


সেই বাবে মই ক’লো, “মোলৈ দৃষ্টি নকৰিবা, মই সন্তাপেৰে ক্ৰন্দন কৰিম; মোৰ লোকসকল জীয়াৰীৰ সৰ্বনাশৰ বাবে মোক শান্তনা দিবলৈ চেষ্টা নকৰিবা।


সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।


চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।


বধ কৰিবৰ বাবে তোমাক ধাৰ দিয়া হৈছে, বিজুলীৰ দৰে হ’বৰ বাবে তোমাক চিকুণ কৰা হৈছে! তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে!


হে মনুষ্য সন্তান, চিঞৰি ক্রন্দন কৰা আৰু বিলাপ কৰা; কিয়নো সেই তৰোৱাল মোৰ প্রজা আৰু ইস্ৰায়েলৰ আটাই বিষয়াসকলৰ ওপৰলৈ আহিল! তেওঁলোকক মোৰ প্ৰজাসকলে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা।


“হে মনুষ্য সন্তান, বাবিলৰ ৰজাৰ তৰোৱালখন আহিবৰ কাৰণে তুমি দুটা পথ নির্ধাৰণ কৰা, সেই দুটা পথ একেখন দেশৰ পৰা ওলাই আহিব; আৰু তুমি হাতৰ আকৃতিৰ এক চিন কাটা, নগৰ কেইখনলৈ অহা বাটৰ মূৰত তাক কাটা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন