42 তেতিয়া যি দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইস্ৰায়েল দেশলৈ মই তোমালোকক যেতিয়া আনিম তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।
আৰু মই যে যিহোৱা, ইয়াক জানিবৰ মন মই তেওঁলোকক দিম; আৰু তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম; কিয়নো তেওঁলোকে সমস্ত মনেৰে মোলৈ উলটি আহিব।
কিয়নো যিহোৱাই কৈছে, ‘চোৱা, মই যি দিনা মোৰ প্ৰজা ইস্ৰায়েল আৰু যিহূদাৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, এনে দিন আহিছে,’ ইয়াক যিহোৱাই কৈছে, ‘মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশলৈ তেওঁলোকক ওভটাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব।”
তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”
ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ।
আৰু মই বিদ্ৰোহীহঁতক আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাসকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইস্ৰায়েল দেশত নোসোমাব তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা!”
আৰু প্ৰভু যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ তোমালোকৰ কু-আচৰণ বা তোমালোকৰ দুষ্কৰ্ম অনুসাৰে নহয়, কিন্তু মোৰ নামৰ অৰ্থেহে যেতিয়া মই তোমালোকলৈ কাৰ্য কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তোমালোকে জানিবা।
সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ!
এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভু যিহোৱা, তাক তোমালোকে জানিবা’!”
মই তোমাৰ গীতৰ শব্দ নাইকিয়া কৰিম; তোমাৰ বীণাৰ স্বৰ আৰু শুনা নাযাব।
তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।
আৰু তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ইস্ৰায়েলৰ সন্তান সকল যোৱা জাতিবোৰৰ মাজৰ পৰা মই তেওঁলোকক লৈ চাৰিওফালৰ পৰা তেওঁলোকক গোটাই তেওঁলোকৰ নিজ দেশলৈ লৈ যাম।
আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে বাস কৰা, মোৰ দাস যাকোবক মই দিয়া দেশখনত তেওঁলোকে বাস কৰিব; তেওঁলোকে তেওঁলোকৰ পুত্ৰ-পৌত্ৰাদিক্ৰমে চিৰকাললৈকে তাত বাস কৰিব, আৰু মোৰ দাস দায়ুদ চিৰকাললৈকে তেওঁলোকৰ অধিপতি হ’ব।
আৰু মই নিজকে মহান আৰু পবিত্ৰ কৰিম, আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম; তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।
আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।