Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 20:39 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

39 হে ইস্ৰায়েল-বংশ, প্ৰভু যিহোৱাই এইদৰে কৈছে: “তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ প্রতিমাবোৰক সেৱা পূজা কৰাগৈ; কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱেশ্য কাণ দিবা আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ প্রতিমাৰে তোমালোকে আৰু অশুচি নকৰিবা।

অধ্যায়টো চাওক কপি কৰক




যিহি 20:39
21 পৰস্পৰ সংযোগসমূহ  

ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাববাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”


সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলোঁ, যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে।


দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।


যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে মেৰ-ছাগ পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্ব্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়।


তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই; ইয়াত মই চিৰকাললৈকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বাস কৰিম, আৰু ইস্ৰায়েল বংশই তেওঁলোকে বা তেওঁলোকৰ ৰজাসকলে নিজৰ বেশ্যাকৰ্মৰে, আৰু তেওঁলোকৰ ৰজাসকলৰ মৰণ কালত তেওঁলোকৰ ‘মৰা শৱেৰে’ মোৰ পবিত্ৰ নাম পুনৰায় অশুচি নকৰিব।


ইফ্ৰয়িমে মূৰ্ত্তিবোৰৰ সৈতে যোগ দিছে। তেওঁক সেইদৰেই থাকিব দিয়া।


যেতিয়া কোনোবাজনৰ আত্মীয়ই মৃতদেহ দাহ কৰিবৰ কাৰণে শৱটো ঘৰৰ পৰা বাহিৰলৈ দাঙি লবলৈ আহিব আৰু তেওঁ ঘৰৰ একেবাৰে ভিতৰত থকা কাৰোবাক “তোমাৰ লগত আন কোনোবা আছে নেকি” বুলি জানিবলৈ সুধিব; তেতিয়া তেওঁ ক’ব, “নাই।” তাতে সেই আত্মীয়ই ক’ব, “মনে মনে থাকা! আমি যিহোৱাৰ নাম উল্লেখ কৰিব নাপায়।”


কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।


তেওঁলোকৰ এই কাৰ্য দেখি ঈশ্বৰ তেওঁলোকৰ বিমুখ হ’ল; ঈশ্বৰে তেওঁলোকক আকাশৰ গ্রহ, তৰাবোৰক পূজা কৰিবলৈ এৰি দিলে; ভাববাদী সকলৰ পুস্তকত এইদৰে লিখা আছে, “হে ইস্ৰায়েল জাতি, তোমালোকে চল্লিশ বছৰলৈকে মৰুপ্ৰান্তত মোৰ কাৰণে পশু বলি আৰু নৈবেদ্য উৎসর্গ কৰিছিলা নে?


সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব।


যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”


যি দেৱতাবোৰক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন