Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 20:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

36 প্ৰভু যিহোৱাই কৈছে, “মিচৰ দেশৰ অৰণ্যত মই তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত প্ৰতিবাদ কৰাৰ দৰে তোমালোকৰ লগতো প্ৰতিবাদ কৰিম।

অধ্যায়টো চাওক কপি কৰক




যিহি 20:36
17 পৰস্পৰ সংযোগসমূহ  

তেতিয়া মই কলোঁ, মই তেওঁলোকৰ ওপৰত মোৰ ক্রোধ বাকি দিবলৈ আৰু তেওঁলোকক মৰুপ্ৰান্তত মোৰ খঙত মই শেষ কৰিবলৈ বিচাৰিলো।


কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।


তেওঁ তেওঁক এক মৰুভূমিত পালে, আর্তনাদ ভৰা জয়াল মৰুভুমিত পালে। তেওঁ তেওঁক আৱৰি ৰাখিলে, যতন কৰিলে, তেওঁ নিজৰ চকুৰ মণিৰ দৰেই তেওঁক পহৰা দি ৰাখিলে,


যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, “তোমালোকে দ্ৰাক্ষাবাৰীখন খাই পেলাইছিলা, আৰু দৰিদ্ৰসকলৰ পৰা কাঢ়া বস্তু তোমালোকৰ ঘৰতেই আছে।


এই হেতুকে, যিহোৱাই কৈছে, মই তোমালোকৰ লগত আৰু প্ৰতিবাদ কৰিম, আৰু তোমালোকৰ পো-নাতিসকলৰ সৈতেও প্ৰতিবাদ কৰিম।


পৃথিৱীৰ সীমালৈকে ধ্বনিয়ে ব্যাপিব; কিয়নো জাতি সমূহে সৈতে যিহোৱাৰ বিবাদ আছে, তেওঁ মৰ্ত্ত্যসকলে সৈতে প্ৰতিবাদ কৰিব; দুষ্টহঁতক হ’লে, তেওঁ তৰোৱালত শোধাই দিব।” এয়ে যিহোৱাৰ বচন।


মই তেওঁৰ ওপৰত মোৰ জাল মেলিম আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব। তেতিয়া মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ কাৰণে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম।


মই তোমালোকক জাতিবোৰৰ অৰণ্যলৈ নি, তাত তোমালোকে সৈতে সন্মূখা-সন্মূখি হৈ প্ৰতিবাদ কৰিম।


“পৃথিৱীৰ সকলো ফৈদৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাচি ললোঁ। এই কাৰণে তোমালোকৰ সকলো পাপ কার্যৰ বাবে মই তোমালোকক দণ্ড দিম।।


আৰু তোমালোক, হে মোৰ মেৰ-ছাগৰ জাক,” প্ৰভু যিহোৱাই এই কথা কৈছে “চোৱা! তোমালোকৰ বিষয়ে হ’লে, মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম, মতা মেৰ-ছাগ আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম!


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন