Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 20:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 আৰু তোমালোকে মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰা; তাতে মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবৰ বাবে মোৰ আৰু তোমালোকৰ মাজত এইবোৰেই এটি চিন হ’ব।

অধ্যায়টো চাওক কপি কৰক




যিহি 20:20
13 পৰস্পৰ সংযোগসমূহ  

কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ।


মোৰ উদ্দেশ্যে বিশ্ৰাম-দিন সোঁৱৰণ কৰি পবিত্ৰ কৰিবা।


যি মানুহে এই কৰ্ম কৰে, আৰু যি সকলে তাক দৃঢ় ভাবে ধৰি ৰাখে তেওঁলোক আশীর্বাদপ্রাপ্ত হ’ব। তেওঁলোকে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম বাৰ পালন কৰে, আৰু নিজৰ হাত যিকোনো কুকৰ্ম নকৰাকৈ ধৰি ৰাখে।”


যদি তুমি মোৰ বিশ্ৰাম-দিনৰ ভ্রমণৰ পৰা তোমাৰ ভৰি আঁতৰোৱা, আৰু বিশ্ৰাম দিনত নিজৰ সুখদায়ক কাৰ্য কৰা। যদি যিহোৱাৰ পবিত্ৰ দিনক মাননীয় বুলি কোৱা, আৰু যিহোৱা বিষয়ক পবিত্র আৰু সন্মানীয় বুলি মতা, তোমাৰ নিজৰ কাৰ্য সিদ্ধ নকৰি, তোমাৰ অভিলষিত চেষ্টা নকৰি, আৰু নিজৰ কথা নকৈ তাক মান্য কৰা,


আৰু বিশ্ৰাম-বাৰে নিজ নিজ ঘৰৰ পৰা কোনো বোজা বাহিৰ নকৰিবা, আৰু কোনো কাম নকৰিবা; কিন্তু মই তোমালোকৰ পূৰ্বপুৰুষসকলক আজ্ঞা দিয়াৰ দৰে বিশ্ৰাম-বাৰ পবিত্ৰ কৰা।


আৰু যিহোৱাই কৈছে, এইদৰে নিশ্চয় ঘটিব, যদিহে তোমালোকে যত্নেৰে মোৰ বাক্যত যদি মন দিয়া। তোমালোকে বিশ্ৰাম-বাৰে এই নগৰৰ দুৱাৰেদি কোনো বোজা ভিতৰলৈ নানিবা, আৰু সেইদিনা কোনো কাম নকৰিবা বৰং বিশ্ৰাম-দিন পবিত্ৰ কৰা।


কিন্তু যদি তোমালোকে বিশ্ৰাম-দিন পবিত্ৰ কৰিবলৈ আৰু বিশ্ৰাম-বাৰে বোজা বৈ যিৰূচালেমৰ দুৱাৰেদি লোকসকলক সোমাবলৈ দিয়া আৰু মোৰ আজ্ঞালৈ কাণ নিদিয়া, তেন্তে মই তাৰ দুৱাৰবোৰত অগ্নিৰে প্রজ্বলিত কৰিম, সেয়ে যিৰূচালেমৰ অট্ৰালিকাবোৰ গ্ৰাস কৰিব, সেইবোৰ নুনুমাব’।”


ইয়াৰ বাহিৰে, মই যে তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা, ইয়াক তেওঁলোকে জানিবৰ বাবে মোৰ আৰু তেওঁলোকৰ মাজত এটি চিন হ’বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ।


মই যে যিহোৱা, ইয়াক যেন তেওঁলোকে জানিব, এই কাৰণে মই তেওঁলোকক উচ্ছন্ন কৰিবলৈ, প্ৰথমে জন্মা তেওঁলোকৰ আটাইকে জুইৰ মাজেদি গমন কৰোঁৱাৰ দ্বাৰাই, তেওঁলোকক, তেওঁলোকৰ উপহাৰেৰে অশুচি কৰিলোঁ।


তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিছা!


আৰু কোনো বিবাদ হ’লে, তেওঁলোকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰে তেওঁলোকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিব; আৰু মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন