Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 2:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 কিন্তু হে মনুষ্য-সন্তান, তুমি হ’লে মই কোৱা কথা শুনা। সেই বিদ্ৰোহী বংশৰ নিচিনা তুমি বিদ্ৰোহী নহ’বা; তুমি নিজ মুখ মেলা আৰু মই তোমাক যি দিম তাক খোৱা’।”

অধ্যায়টো চাওক কপি কৰক




যিহি 2:8
19 পৰস্পৰ সংযোগসমূহ  

তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল; তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে।


প্ৰভু যিহোৱাই মোৰ কাণ মুকলি কৰিলে; আৰু মই বিদ্ৰোহী নাছিলোঁ, বা মই পিছফালেও ঘুৰা নাছিলোঁ।


যিহোৱা তেওঁৰ পৰাক্রমী হাত মোৰ ওপৰত ৰাখিছে, আৰু এই লোকসকলৰ পথত গমন নকৰিবলৈ সাৱধান কৰি মোক ক’লে,


সেয়ে মই যিহোৱাৰ বাক্য অনুসাৰে এগছ টঙালি কিনি মোৰ কঁকালত বান্ধি ল’লোঁ।


মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল, কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।


“হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।


গতিকে মই আজ্ঞামতে কাম কৰিলোঁ; মই দিনতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ মোৰ সামগ্ৰী উলিয়াই নিলোঁ আৰু গধূলি মোৰ হাতেৰেই দেৱালখন খানিলোঁ; মই আন্ধাৰত তাক উলিয়াই তেওঁলোকৰ চকুৰ আগত কান্ধত তুলি লৈ গ’লো।


তেতিয়া তেওঁ মোক ক’লে, হে মনুষ্য-সন্তান, মই তোমাৰ আগত যি যি কথা ঘোষণা কৰিলোঁ, সেই সকলো কথা অন্তৰত গ্ৰহণ কৰা আৰু সেই কথাবোৰত কাণ দিয়া।


এতিয়া তুমিও, হে মনুষ্য সন্তান! মই তোমাক ইস্ৰায়েল বংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সতৰ্ক কৰা।


পাছে সেই পুৰুষে মোক ক’লে, “হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা আৰু মই তোমাক যি যি দেখুৱাম, সেই সকলোলৈ মন দিয়া; কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম, এই অভিপ্ৰায়েৰেহে তোমাক ইয়ালৈ অনা হ’ল; তুমি যি যি দেখিবা, সেই সকলোকে ইস্ৰায়েল বংশক জনাবা।


তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে, ‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম। আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম।” হাৰোণ হতভম্ব হৈ নিজমে থাকিল।


কিন্তু যোনাই যিহোৱাৰ সন্মুখৰ পৰা তৰ্চীচলৈ পলাই যাবৰ কাৰণে যাফোলৈ নামি গ’ল আৰু তাত তৰ্চীচলৈ যোৱা এখন জাহাজ পালে। তেওঁ যিহোৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজ খনত ভাড়া দি উঠিল আৰু তর্চীচলৈ যাত্রা কৰিলে।


“হাৰোণক নিজ লোকসকলৰ লগলৈ নিয়া হ’ব; কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশত তেওঁ সোমাব নোৱাৰিব। কাৰণ মিৰীবা জলৰ ওচৰত তোমালোক দুয়োই মোৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা।


যি সকল লোকৰ ওপৰত আপোনালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিব; কিন্তু জাকৰ আর্হি হৈ তেওঁলোকৰ তত্বাৱধান কৰক;


তাতে মই সেই দূতৰ ওচৰলৈ গৈ পুথিৰ সৰু নুৰাটো মোক দিবৰ বাবে তেওঁক ক’লো। তেতিয়া তেওঁ মোক ক’লে, “পুথিৰ নুৰাটো লোৱা আৰু ইয়াক খাই পেলোৱা; ই তোমাৰ পেট তিতা হবলৈ দিব, কিন্তু তোমাৰ মুখত ই মৌৰ দৰে সোৱাদ লাগিব”।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন