Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 17:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 “তুমি সেই বিদ্ৰোহী বংশক কোৱা: ‘এইবোৰৰ অৰ্থ কি, সেই বিষয়ে তোমালোকে নাজানা নে? চোৱা! বাবিলৰ ৰজাই যিৰূচালেমলৈ আহি তাৰ ৰজাৰ সৈতে তাৰ বিষয়াসকলক ধৰি বাবিললৈ নিজৰ ঠাইলৈ লৈ আনিলে।

অধ্যায়টো চাওক কপি কৰক




যিহি 17:12
30 পৰস্পৰ সংযোগসমূহ  

যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।


যেতিয়া তোমালোকৰ সন্তান সকলে সুধিব “এই উপসনাৰ অৰ্থ কি,”


হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তান সকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।


পৰাক্রমী লোক, যুদ্ধাৰু, বিচাৰকৰ্ত্তা, ভাববাদী, মঙ্গল চোৱা লোক আৰু প্রধানলোক,


আপোনাৰ ঔৰসত যি যি পুত্রসকল জন্ম হ’ব, তেওঁলোকৰ আপুনি পিতৃ তুল্য হ’ব; তেওঁলোকে তেওঁলোকক লৈ যাব আৰু তেওঁলোক বাবিলৰ ৰাজ গৃহত নপুংসক দাস হ’ব।”


সেই কাৰণে মই যিহূদাৰ ৰজা চিদিকিয়াক আৰু তেওঁৰ প্ৰধান লোকসকলক তেওঁলোকৰ শত্ৰূবোৰৰ হাতত, আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত, আৰু তোমালোকৰ বিৰুদ্ধে উঠি যোৱা বাবিলৰ ৰজাৰ সৈন্যসামন্তৰ হাতত সমৰ্পণ কৰিম।


বাবিলৰ ৰজা নবূখদনেচৰে যিহূদা দেশৰ ওপৰত পতা ৰজা যোচিয়াৰ পুত্ৰ চিদিকিয়া যিহোয়াকীমৰ পুত্ৰ কনিয়াৰ সলনি ৰজা হ’ল।


কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁলোকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।


পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা, যিহোয়াখীন ৰজা দেশান্তৰিত হোৱাৰ সময়ত,


তাৰ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,


তুমি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “ডাঙৰ ডেউকা থকা আৰু ডেউকাত দীঘল পাখি থকা এটা ডাঙৰ ঈগল পক্ষীয়ে, আৰু যি নানা বৰণৰ পাখিৰে ভৰা, সি লিবানোনলৈ আহি এৰচ গছজোপাৰ ওপৰত আহি বহিল।


কিন্তু হে মনুষ্য-সন্তান, তুমি হ’লে মই কোৱা কথা শুনা। সেই বিদ্ৰোহী বংশৰ নিচিনা তুমি বিদ্ৰোহী নহ’বা; তুমি নিজ মুখ মেলা আৰু মই তোমাক যি দিম তাক খোৱা’।”


লোকসকলে মোক প্রশ্ন কৰিলে, “তুমি যে এইবোৰ কৰি আছা, এইবোৰৰ অৰ্থ কি? তাক তুমি আমাক নক’বা নে?”


মই তোমাৰ কপাল চকমকিয়া পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁলোক বিদ্ৰোহী বংশ হলেও, তেওঁলোকলৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা।”


‘আৰু এইবোৰৰ দ্বাৰাই তুমি কি বুজাইছা, তাক তুমি আমাক নজনাবানে?’ এইবুলি তোমাৰ জাতিৰ সন্তানসকলে যেতিয়া তোমাক সুধিব,


তাৰ পাছত যীচুৱে শিষ্য সকলক সুধিলে, “তোমালোকে এই সকলো কথা বুজি পালা নে?” তেওঁলোকে ক’লে, “হয়, পালোঁ।”


মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছোঁ।”


পাছত তেওঁ কলে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা?


কিন্তু তেওঁলোকে সেই কথা নুবুজিলে আৰু বুজি নাপাবলৈ সেই বিষয়ক তেওঁলোকৰ পৰা গুপুতে ৰখা হ’ল৷ তেওঁলোকে সেই কথাৰ বিষয়ে যীচুক সুধিবলৈও ভয় কৰিলে।


তেতিয়া ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁ যিচয়া ভাববাদীৰ পুস্তক পঢ়া শুনি সুধিলে, “আপুনি যি পঢ়িছে, সেই বিষয়ৰ অর্থ জানো বুজি পাইছে?”


ভৱিষ্যতে যেতিয়া আপোনালোকৰ সন্তানে সুধিব, যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?”


তেওঁ ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “আগলৈ তোমালোকৰ সন্তান সকলে নিজ নিজ পিতৃসকলক যদি সোধে, বোলে, ‘এই শিলবোৰ কিহৰ বাবে?’


সেয়ে তোমালোকৰ মাজত চিন হ’ব অৰ্থাৎ যেতিয়া তোমালোকৰ সন্তান সকলে শিলবোৰৰ বিষয়ে ‘তোমালোকে কি বুজা বুলি সুধিব?’


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন