যিহি 16:59 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201959 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “নিয়মটি ভাঙি শপতটো তুচ্ছ কৰা যি তুমি, তুমি কৰা দৰেই মই তোমালৈ কাৰ্য কৰিছোঁ। অধ্যায়টো চাওক |
সেইবাবে তুমি তেওঁলোকক এই কথা কৈ ঘোষণা কৰা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ যি কোনো লোকে নিজ প্রতিমাবোৰক হৃদয়ত ঠাই দিব বা নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু কোনো এজন লোকে যেতিয়া ভাববাদী এজনৰ ওচৰলৈ আহিব - সেই অহা লোকজনৰ বাহুল্য প্রতিমাবোৰৰ অনুসাৰে, মই যিহোৱাই, নিজেই তেওঁক উত্তৰ দিম।