Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 16:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ ওখ ঠাই সাজি তোমাৰ সৌন্দৰ্য্য ঘৃণাৰ বিষয় কৰিলা, প্ৰত্যেক বাটৰুৱালৈ তোমাৰ ভৰি দুখন মেলি দিলা আৰু তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা।

অধ্যায়টো চাওক কপি কৰক




যিহি 16:25
18 পৰস্পৰ সংযোগসমূহ  

তাকে শুনি তামাৰে বিধৱা-বস্ত্ৰ সোলোকাই থৈ, ওৰণিৰে মুখ ঢাকি, গাত কাপোৰ মেৰিয়াই ঐনয়িমৰ দুৱাৰমুখত বহি থাকিল; ঐনয়িম তিম্নালৈ যোৱা বাটৰ ওচৰত আছিল। কিয়নো তাই মন কৰিছিল যে, চেলা ডাঙৰ হোৱাটো তেওঁৰ সৈতে তাইক বিয়া নিদিলে।


তেতিয়া তেওঁ সেই ঠাইৰ লোকসকলক সুধিলে, “ঐনয়িমৰ বাটৰ ওচৰত যি মন্দিৰৰ দেৱদাসী আছিল, তাই ক’ত?” তেওঁলোকে ক’লে, “ইয়াত কোনো দেৱদাসী নাই।”


সত্তৰ বছৰৰ পাছত যিহোৱাই তূৰক সহায় কৰিব; আৰু তেওঁ নিজৰ লাভ জনক ব্যৱসায় পুনৰায় কৰিব, আৰু ৰাজ্যৰ সকলোতে আৰু পৃথিৱীৰ সকলো ৰাজ্যে সৈতে বেশ্যা কৰ্ম কৰিব।


তেওঁলোকৰ মুখ-চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, আৰু তেওঁলোকৰ নিজৰ পাপ গোপন নকৰি চদোমৰ দৰে প্ৰকাশ কৰে। তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোকে নিজৰ ওপৰত আকস্মিক দুৰ্ঘটনা আনে।


মোৰ গৃহত মোৰ প্রিয়াৰ কি কাৰ্য, কিয়নো তাই অনেক লোকে সৈতে ব্যভিচাৰ কৰিলে? আৰু তোমাৰ পৰা পবিত্ৰ মাংস গ’ল; যেতিয়া তুমি দুষ্কৰ্ম কৰা, তেতিয়া তুমি উল্লাস কৰি থাকা।


“চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা। তুমি আৰাধ্য কৰা প্রতিমাবোৰ প্রত্যেক পাহাৰ টিলাবোৰতেই আছে। তুমি অৰণ্যত থকা আৰবীয়াৰ দৰে মানুবোৰলৈ বাট চাই ৰাজ-আলিত আক্রমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে যেন তেওঁলোক সকলোৱে প্রেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম কৰিলা। কিয়নো প্রতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম আৰু কুকৰ্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্রহণীয় কৰিলা।


কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাস-ঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বা-ঘাতকতা কৰিলা। সেইবাবেই যিহোৱাই কৈছে, আৰু মই ইস্ৰায়েল বংশক এই কথা ক’লো।


তেওঁলোক ঘিণলগীয়া কাৰ্য কৰাত তেওঁলোকে লাজ পাওক ছাৰি মুখ বিবৰ্ণ কৰিবলৈ জনা নাই; সেই কাৰণে তেওঁলোকে পতিত হোৱা লোকসকলৰ মাজত পতিত হব। যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়াৰ সময়ত তেওঁলোকে উজুটি খাই পৰিব।”


কিন্তু তুমি নিজ সৌন্দৰ্য্যত নির্ভৰ কৰি নিজৰ যশস্যাৰ কাৰণে বেশ্যাবৃত্তি ধৰিলা আৰু প্ৰত্যেক বাটৰুৱাৰ লগত অধিক পৰিমাণে বেশ্যাকৰ্ম কৰিলা; তাৰহে ভোগ হ’ল।


তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ বেশ্যালয় সাজিছা, প্ৰত্যেক চকত তোমাৰ ওখ ঠাই নিৰ্ম্মাণ কৰিছা আৰু তুমি বেশ্যা কৰ্মৰ বেচ তুচ্ছ কৰাত বেশ্যাৰ নিচিনা নোহোৱা।


প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা; তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা - সেই পান পাত্ৰত বহুত ধৰে!


এইবোৰ সংঘটিত হোৱাৰ কাৰণ হ’ল, যি মায়াবিনী সুন্দৰী বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰাই জাতি সমূহক আৰু নিজৰ মায়াকাৰ্য্যৰ দ্বাৰাই প্রজাসকলক বিক্রী কৰিলে; তাইৰ অধিক বেশ্যাকৰ্মৰ কাৰণে এইবোৰ ঘটিছে।


তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব৷ তাইক অনাথ আৰু উলঙ্গ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন